ডিচেম্বৰ মাহত খোৱাপানীৰ প্ৰায় ৯৫,৮৫৮টা নতুন সংযোগৰ বাবে আৱেদন মুকলি গুৱাহাটী জল ব’ৰ্ডৰ

0 45

জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ অধীনত গুৱাহাটী জল ব’ৰ্ডে দক্ষিণ মধ্য গুৱাহাটী খণ্ডত ১,১০,০০০ টা গৃহ সেৱাৰ মিটাৰ সংযোগৰ সম্ভাৱনা সৃষ্টি কৰিছে। ইয়াৰে ৫৩টা ডিষ্ট্ৰিক্ট মিটাৰিং এৰিয়াত ২৮,৪৯২টা পৰিয়ালক সামৰি মুঠ ১৪,১৪২টা সংযোগলৈ পানী যোগান ধৰা হৈছে। চলিত মাহৰ পৰা অৰ্থাৎ ২০২৪ চনৰ ডিচেম্বৰৰ পৰা গুৱাহাটী জল ব’ৰ্ড এপত প্ৰায় ৯৫,৮৫৮টা নতুন সংযোগৰ বাবে আৱেদন মুকলি হ’ব আৰু ইয়াৰ বাবে গুৱাহাটীৰ নাগৰিকসকলক ততালিকে আবেদন দাখিল কৰিবলৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে সংশ্লিষ্ট এলেকাসমূহৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। নাগৰিকসকলৰ অসুবিধা নোহোৱাটো সুনিশ্চিত কৰিবলৈ গুৱাহাটী জল ব’ৰ্ডে একাধিকবাৰ পথ খন্দা কাৰ্য এৰাই চলি, কেৱল এবাৰতে পথ খননৰ কাম কৰিব পৰাকৈ আবেদনসমূহ সংগ্ৰহৰ ব্যৱস্থা কৰিছে।মসৃণভাৱে বিশুদ্ধ টেপৰ পানী সংযোগ প্ৰদান আৰু পথৰ মেৰামতিৰ সময়ছোৱাত বিভাগৰ সৈতে সহযোগিতা আগবঢ়াবলৈ মন্ত্ৰী সিংহলে গুৱাহাটীবাসীলৈ বিনম্ৰতাৰে আহ্বান জনাইছে।

উল্লেখযোগ্য যে গুৱাহাটী জল বৰ্ডে মহানগৰীৰ ৰেচন কার্ড থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে ৰেহাই মূল্যত ৭০০০ টকা পৰ্যন্ত ৰাজসাহায্যৰে পানীৰ ঘৰুৱা সংযোগৰ সুযোগ প্ৰদান কৰিছে আৰু তাৰ বাবে বৰ্তমান পঞ্জীয়ন চলি আছে। এই আঁচনিৰ সুযোগ ল’বৰ বাবে গুৱাহাটী জল ব’ৰ্ডৰ মোবাইল এপ্লিকেচন (GJB APP from Google Play Store) বা হেল্পলাইন নম্বৰত (60039 20846/6002478263) যোগাযোগ কৰিবলৈ মন্ত্ৰী সিংহলে ৰাইজলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.