গোলাই চোৰ ২০২৫ বৰ্ষৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ

0 24

১৭ জানুৱাৰীত মুক্তি লাভ কৰিব ২০২৫ চনৰ প্ৰথমখন অসমীয়া চিনেমা “গোলাই চোৰ”।আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্তিত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ আইদেউ ছবিগৃহত চলচ্চিত্ৰ খনৰ ট্ৰেইলাৰ আৰু সংগীত মুকলি কৰা হয়। অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ সহযোগিতাৰে জেং এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাহিনী আৰু পৰিচালনাৰ দায়িত্বত আছে ৰক্তিম কমল বৰুৱা। চলচ্চিত্ৰ খনৰ প্ৰযোজক ধৃতিমান দাস মাজিদ খান আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম ।নৱপ্ৰজন্মৰ বহুকেইজন প্ৰতিভাশালী কলা-কুশলীৰদ্বাৰা নিৰ্মিত চলচ্চিত্ৰখনত হাস্যৰস আৰু চাছপেঞ্চৰ এক অভিনৱ সমাহাৰ ঘটিছে ।

অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক ঐতিহ্যৰ ওপৰত আধাৰিত *গোলাই চোৰত* স্বৰাজোত্তৰ কালৰ অসমৰ সমাজ জীৱনৰ এক দলিল উদঙাই দিয়াৰ প্ৰয়াস কৰা হৈছে। চোৰৰ এটা মণ্ডলীক মুখ্য উপজীব্য হিচাপে লৈ অসমৰ এটা বৰ্ণিল সময়ক চলচ্চিত্ৰখনত জীৱন্ত ৰূপত তুলি ধৰা হৈছে।

চলচ্চিত্ৰখনত অভিনৱ অভিনয় প্ৰতিভাৰ সমাহাৰ ঘটিছে। টনী দেউৰী বসুমতাৰী, হিমাংশু গগৈ, কেনী দেউৰী বসুমতাৰী, হিমাংশু প্ৰসাদ দাস, জয়ন্ত ভাগৱতী, প্ৰতিভা চৌধুৰী আৰু প্ৰয়াত জয়ন্ত দাসৰ লগতে ছবিখনত অভিনয় কৰিছে বনী দেউৰী, মৈত্ৰী দাস, বেদব্ৰত বৰা, বনদীপ শৰ্মা, সপ্তৰ্ষি গগৈ, বলিন বৰা আৰু বহুতো ন-পুৰণি শিল্পীয়ে।

ছবিখনৰ সম্পাদনা হিৰন্ময় গগৈৰ, দৃশ্যগ্ৰহণ প্ৰয়াস শৰ্মা তামুলীৰ, শব্দগ্ৰহণ সুমিৰ দেউৰীৰ, বৰ্ণবিন্যাস দিনেশ কুমাৰৰ, শব্দ সজ্জা আৰু শব্দ সংমিশ্ৰণত আছে দেৱজিত চাংমাই আৰু অমৃত প্ৰীতম।

প্ৰযোজক মাজিদ খানে মন্তব্য কৰে, ২০২৫ বৰ্ষৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হিচাপে ৰূপালী পৰ্দালৈ আহিবলৈ ওলোৱা গোলাই চোৰক লৈ আমি অত্যন্ত আশাবাদী। ছবিখনে অসমৰ চহকী ঐতিহ্য-সংস্কৃতিক প্ৰতিফলিত কৰিছে।”

অসমীয়া ছবিজগতৰ নৱতম সংযোজন *গোলাই চোৰে* চিত্ৰৰসিকৰৰ লগতে সৰ্বসাধাৰণৰ সমাদৰ লাভ কৰিব বুলি আমি আশাবাদী।

Leave A Reply

Your email address will not be published.