দেশত বানপানী, ভূমিকম্প, ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক আৰু কেতবোৰ মানৱসৃষ্টকে ধৰি যিকোনো দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে কুৰি বছৰ আগতে ২০০৫ চনৰ ১৯ জানুৱাৰীত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অধীনত গঠন কৰা হৈছিল ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ( এন ডি আৰ এফ) কেবাটাও বেটেলিয়ান। মূলতঃ কেন্দ্ৰীয় সশস্ৰ আৰক্ষী বাহিনীৰ অধীনৰ বি এছ এফ, চি আৰ পি এফ , এছ এছ বি, আই টি বি পি, চি আই এছ এফ, আসাম ৰাইফলছৰ কেবাটাও বেটেলিয়ানক লৈ গঠন কৰা হৈছিল এন ডি আৰ এফ। আনহাতে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাজনো ৰাজ্যৰ দুৰ্যোগত আক্ৰান্ত লোকক সহায়ৰ বাবে গঠন কৰা বি এছ এএফৰ ১২৮ বেটেলিয়ানক লৈ গঠন কৰা প্ৰথম এন ডি আৰ এফ বেটেলিয়ানটোৰ মুখ্য কাৰ্যালয়টো স্থাপন কৰা হয় গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত। ইফালে মুখ্য কাৰ্যালয় চৌহদত প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্ৰথম এন ডি আৰ এফৰ কমাডেণ্ট এইচ পি এছ কাণ্ডাৰীয়ে কয় যে বৰ্ত্তমান বেটেলিয়ানটোক অসমৰ উপৰিও ত্ৰিপুৰা , মেঘালয় আৰু মিজোৰামৰ দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আনকি ডিমা হাছাও জিলাত কিছুদিন আগতে কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে প্ৰথমদিনাৰে পৰা চলি থকা উদ্ধাৰ অভিযানত বাহিনীটোৰ এটা দল নিয়োজিত হৈ আছে। বিগত সময়চোৱাত বাহিনীটোৰ সাহসী জোৱান সকলে অসম, ত্ৰিপুৰা, মেঘালয় ৰাজ্যত নিজৰ জীৱনক তুচ্ছ কৰিও ১,২৩,৮৮৭ জনক বানপানী, ভূমিস্খলন আদিৰ দৰে দুৰ্যোগত আক্ৰান্ত লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্ত্তমান বাহিনীটোৱে আক্ৰান্ত লোকক উদ্ধাৰ কৰাৰ বাবে অত্যাধুনিক যন্ত্ৰ আৰু পদ্ধতি ব্যৱহাৰ কৰিছে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন