পশ্চিম গুৱাহাটীৰ ৰাণীৰ সমীপৰ বিক্ৰমপুৰৰ বাসিন্দা তথা টেলিভিছন চেনেল প্ৰাগ নিউজৰ মিৰ্জা – গুৱাহাটী বিমানবন্দৰৰ পৰা ২০১০ চনৰ পৰা সাংবাদিকতা কৰি অহা জোন ৰাভাক প্ৰাগ নিউজৰ ২০২৩-২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছে । ১৮ জানুৱাৰীৰ দিনা সন্ধিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানত আয়োজিত প্ৰাগ সতীৰ্থ সহায় ন্যাসৰ চতুৰ্থ বাৰ্ষিক অধিবেশনত জোন ৰাভাক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এখন মানপত্ৰ , এটা স্মাৰক , এখন গামোচা আৰু এটা জাপি । আনহাতে তেঁওক এই বঁটা প্ৰদান কৰে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে । অনুষ্ঠানত প্ৰাগ নিউজৰ মহা প্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা , সম্পাদক খনীন্দ্ৰ কুমাৰ ডেকা , বাৰ্তা সম্পাদক নৱনীতা কলিতাকে ধৰি কেবাজনো জ্যেষ্ঠ সাংবাদিক ৷ একেটা অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮ জন সাংবাদিকক বিভিন্ন শিতানত বঁটা সমূহ প্ৰদান কৰা হয় ৷ উল্লেখ্য যে জোন ৰাভাই পশ্চিম গুৱাহাটী সাংবাদিক সন্থাৰ প্ৰচাৰ সম্পাদকৰ দায়িত্ব বহন কৰি অহাৰ লগতে কেবাটাও প্ৰকৃতিপ্ৰেমী সংগঠনৰ সৈতেও জড়িত হৈ পৰিবেশ সংৰক্ষণমুলক কামত নিজকে নিয়োজিত কৰি ৰাখিছে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem