অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ আকুল আহ্বানেৰে ৰঙালী বিহুৰ মঞ্চত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী অনুষ্ঠান আৰম্ভ কৰিছে ৷ বুধবাৰে ক্ষেত্ৰীত অনুষ্ঠিত বৃহত্তৰ ডিমৰীয়া ৰঙালী বিহু সন্মিলনী, মঙলবাৰে চন্দ্ৰপুৰ আঞ্চলিক মুকলি বিহু সন্মিলনী, নাৰেংগী যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত কেন্দুগুৰি ৰঙালী বিহু উৎসৱ, পাঞ্জাবাৰী বাঘৰবৰি বিহু সন্মিলনী, সোমবাৰে গণেশগুৰি ৰঙালী বিহু সন্মিলনী আৰু আৰম্ভণিতে হেঙেৰাবাৰী সাৰ্বজনীন ৰঙালী বিহুৰ মঞ্চত পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ নেতৃত্বত বিহুৰ লগত সঙ্গতি ৰাখি পথ-সুৰক্ষা সজাগতাৰ বিভিন্ন অনুষ্ঠান পৰিবেশন কৰা হয়। ৰঙালী বিহু সমিতিসমূহৰ আমন্ত্ৰণমৰ্মে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে বিহুৰ সাংস্কৃতিক সন্ধিয়াসমূহৰ মঞ্চ মুকলি কৰাৰ পিছতে পৰিবহণ বিভাগৰ দ্বাৰা পথ-সুৰক্ষাৰ নীতি-নিৰ্দেশনাৰ আধাৰত বিশেষভাৱে প্ৰস্তুত কৰা বিহু হুচৰি, বিহুগীত, সজাগতামূলক নাটক আদি পৰিবেশন কৰি সমাজৰ সৰ্বস্তৰতে পথ-সুৰক্ষা সজাগতাৰ জনসচেতনতা সৃষ্টিৰ প্ৰচেষ্টা চলোৱা হয় ৷ অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰি তেওঁ কয় যে, বহাগ মানেই আনন্দ-উলাহৰ অন্ত নাই। সেয়ে এই ব’হাগতেই যানবাহন চলাওঁতে অথবা পথত যাতায়াত কৰোতে নিজকে সুৰক্ষিত কৰি ৰখাৰ লগতে আনকো সুৰক্ষা প্ৰদানৰ বাবে দৃঢ় পণ লোৱাৰ উপযুক্ত সময় । কিয়নো বিগত সময়চোৱাত বিহুৰ এনে আনন্দ-উলাহৰ পৰিৱেশতে জাতিক বাট দেখুৱাব পৰা বহু সংস্কৃতিৱান মানৱ সম্পদ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই যাবলগীয়া হৈছিল একো একোটা ভয়ংকৰ পথ দুৰ্ঘটনাত। সেয়ে এইবাৰ ব’হাগত কোনো পথ-দুৰ্ঘটনাই যাতে অসমীয়া নতুন বছৰৰ উৎসৱৰ আনন্দক বিষাদত পৰিণত কৰিব নোৱাৰে তাৰবাবে তেওঁ সকলোকে সুৰক্ষিত যাতায়াত বজাই ৰাখিহে যান-বাহন চলাবলৈ আহ্বান জনায়। তেওঁ কয় যে দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট আৰু চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট ব্যৱহাৰ কৰক, তীব্ৰবেগ পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতিতহে বাহন চলাওক। কেতিয়াও ৰাগীয়াল দ্ৰৱ্য সেৱন কৰি আৰু ম’বাইলত কথা পাতি বাহন নচলাব। অনাগত সময়চোৱাত শিল্পী-বিহুৱা, সাংস্কৃতিক দলসমূহে ব্যৱহাৰ কৰা বাহনৰ চালকে যাতে কোনো কাৰণতে ৰাগীয়াল দ্ৰৱ্য সেৱন কৰিব নোৱাৰে তাৰবাবে তেওঁ সাংস্কৃতিক দলৰ মুৰব্বী আৰু আয়োজক অনুষ্ঠানসমূহক চোকা দৃষ্টি ৰাখিবলৈকো আহ্বান জনায়।
Trending
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ