আদিংগিৰি সেৱা ভাৰতীত মুকলি হকী প্ৰশিক্ষণ শিবিৰৰ সামৰণি

0 13

সমাজৰ উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ জৰিয়তে শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশত আগুৱাই নিয়াৰ লক্ষৰে সেৱা ভাৰতীৰ উদ্যোগত আৰু অসম হকীৰ সহযোগত মালিগাঁৱৰ কাষৰীয়া আদিংগিৰিত পহিলা নৱেম্বৰৰ পৰা অনুষ্ঠিত পষেকজোৰা মুকলি হকী প্রশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। এই উপলক্ষে সেৱাভাৰতী জনজাতি ছাত্ৰাবাস প্ৰেক্ষাগৃহত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ ভালেকেইগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতিত প্ৰশিক্ষণ শিৱিৰৰ সমাপন সমাৰোহ অনুষ্ঠিত হয়৷ সমাৰোহৰ আদৰণি ভাষণ প্ৰদান কৰে বিজেপিৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই । সমাৰোহত বিশিষ্ট অতিথি হিচাপে অখিল ভাৰতীয় কাৰ্যকৰনী সদস্য উল্লাস কুলকাৰ্ণী ,ককামৰূপ গ্ৰাম্য জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ , মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় কুমাৰ গুপ্তা ,অসম হকী সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাস , এচিয়ান গেমছত সোণৰ পদক প্ৰাপক অলিম্পিয়ান তথা মনিপুৰৰ অনুৰাধা দেৱী, সেৱা ভাৰতী কামাখ্যা নগৰ চেৰিটেবল এণ্ড ধাৰ্মিক ট্ৰাষ্টৰ সভাপতি প্ৰণব কুমাৰ বৰা উপস্থিত থাকি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানৰ সামৰণি ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ পৰিবহণ আয়ুক্ত আৰু বিশিষ্ট সমাজকৰ্মী গৌতম দাসে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিচামুক্ত দেশ গঢ়াৰ আহ্বান আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিচাযুক্ত আৰু দুৰ্ঘটনামুক্ত সমাজ গঢ়াৰ আহ্বান বাস্তবায়িত কৰাটো এই প্ৰশিক্ষণৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.