বাৰৈ গাঁওত বিশ্ব পৰ্যটন দিৱস পালন।অসম মেঘালয় সীমান্তৱৰ্তী চানডুবিৰ ওচৰৰ বাৰৈ গাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অলপতে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ চানডুবি পৰ্যটন বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু বাৰৈগাঁও মাইলছ ব্লনছন য়ুথ ক্লাৱৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে অলপতে বিশ্ব পৰ্যটন দিৱস পালন কৰে। পুৱা চাফাই অভিযানেৰে অনুষ্ঠানৰ আৰম্ভ কৰে| ইয়াৰ পিছতে বিদ্যালয়ৰ পৰা অসম মেঘালয় সীমান্তৰ বাৰিগাঁও জলপ্ৰপাতলৈ এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। আনহাতে দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ -ছাত্ৰীৰ মাজত পৰ্যটন বিষয়ক কুইজ ,চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সমাজ কৰ্মী ডিম্বেশ্বৰ চাং মাই ৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত পৰ্যটন দিৱসৰ তাপৰ্য্য ৰ লগতে বাৰৈ গাঁওত থকা জলপ্ৰপাতৰ মনোমোহা সৌন্দৰ্য্যৰ কথা ব্যক্ত কৰে।সভাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিষয়া জি এল চাং মাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে বিভিন্ন বিদ্যালয়ৰ বহুকেইজন ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে|
Trending
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা