গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ গাতে লাগি থকা ভি আই পি চ’কৰ পৰা কাহিকুছি বজাৰলৈ সংযোগী পথচোৱা নতুনকৈ নিৰ্মানৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় বিমান বন্দৰৰ প্ৰাধিকৰণে। প্ৰাধিকৰণৰ সামাজিক দায়বদ্ধতা আচনি চমুকৈ চি এছ আৰ আচনিৰ অধীনত প্ৰায় ১,১০০ মিটাৰ দৈৰ্ঘ্যৰ ভি আই পি চকৰ পৰা কাহিকুছিলৈ বৰ্তমানৰ পথচোৱা নতুনকৈ আহল-বহলকৈ নিৰ্মাণৰ বাবে প্ৰথম কিস্তিত ৪৫ লাখ টকাৰ অনুদান আগবঢ়াইছে। বৃহস্পতিবাৰে বিয়লী ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ৰ সভাগৃহত অসম চৰকাৰ আৰু প্ৰাধিকৰণৰ মাজত এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হয়। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক তথা এমট্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ধৰ্মেন্দ্ৰ কুমাৰ কামৰাৰ উপস্থিতিত বুজা বুজিৰ চুক্তিখনত অসম চৰকাৰৰ হৈ কামৰূপ মহানগৰ জিলাৰ উন্নয়ণ আয়ুক্ত বিজয়া চৌধুৰী আৰু প্ৰাধিকৰণৰ হৈ বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰাকেশ কুমাৰে স্বাক্ষৰ কৰে। উল্লেখ্য অসম চৰকাৰৰ গড়কাপ্তনি বিভাগৰ গুৱাহাটী পথ সংমণ্ডলে পথচোৱা নতুনকৈ নিৰ্মাণৰ কাম আৰম্ভ কৰিব । বহাগ বিহুৰ আগে পাছে পথচোৱাৰ নিৰ্মাণৰ কাৰ্য্য সম্পূৰ্ণ কৰিব বুলি গড়কাপ্তনি বিভাগৰ সুত্ৰই সদৰি কৰিছে। উল্লেখ্য যে পথচোৱা নতুনকৈ নিৰ্মাণ কৰিবলৈ অঞ্চলটো ৰাইজ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক দাবী জনাই আহিছিল।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী