কৰ্কট ৰোগীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে তেজপুৰৰ এজন যুৱকে ।অষ্ট্ৰেলিয়াৰ ইউনিভাৰচিটি অৱ নিউকাষ্টলত গৱেষণা কৰি সুখ্যাতিৰে ডক্টৰেট ডিগ্ৰী লাভ কৰা তেজপুৰৰ যুৱক দ্বীপজ্যোতি ভূঞাই ইউক্লিপটাছ গছৰ পৰা উৎপন্ন কেমিকেল আৰু কোষ সম্পৰ্কে গৱেষণা কৰি সমগ্ৰ বিশ্বতে সুখ্যাতি অৰ্জন কৰিছে।তেজপুৰ গৰৈমাৰীৰ প্ৰয়াত টংকেশ্বৰ ভূঞা আৰু ৰুণু ভূঞাৰ পুত্ৰ দ্বীপজ্যোতি ভূঞাই হৰেশ্বৰ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত তেজপুৰ চায়েঞ্চ একাডেমী আৰু পৰৱৰ্তী সময়ত বাংগালোৰ বিশ্ববিদ্যালয় পৰা স্নাতক আৰু ভেলোৰৰ ভি আই টি বিশ্ববিদ্যালয়ৰ পৰা এপ্লাই মাইক্ৰ’ বায়ল’জীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।উল্লেখযোগ্য যে২০১৩চনত বিশ্বৰ ৫০০ গৰাকী আবেদনকাৰীৰ পৰা অষ্টেলিয়াৰ ইউনিভাৰচিটি অৱ নিউকাষ্টিলত গৱেষণাই গৰাকী গৱেষকৰ নিৰ্বাচিত কৰিছিল।ইয়াৰ ভিতৰত দ্বীপজ্যোতি ভূঞাই একমাত্ৰ ভাৰতীয় ছাত্ৰ গৱেষক হিচাপে অধ্যয়নৰ সুযোগ লাভ কৰিছিল।ইয়াৰ পিছত ২০১৪ৰ পৰা ২০১৮ চনলৈ গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা দ্বীপজ্যোতি ভূঞাই অগ্নাশয় কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সম্ভাৱনা কঢ়িয়াই আনিছে ।জানিব পৰা মতে তেওঁ গৱেষণা কৰি উদ্ভাৱন কৰা ঔষধ প্ৰথমে জীৱ জন্তুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি পিছত মানৱ শৰীৰত ব্যৱহাৰ কৰি চোৱা হ’ব।সহযোগ কৰিলে তেজপুৰৰ পৰা ধ্ৰুৱ জ্যোতি নাথে ।
Trending
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ