হাইদাৰবাদস্থিত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফেশ্বন আলোচনী ক্লথ লুক ফেশ্বনৰ উদ্যোগত ২৭ জানুৱাৰীত যোৰহাটৰ জীৰণি হোটেলত ফেশ্বন জগতৰ প্ৰতি আকৃষ্ট অসমৰ চুকে কোণে সোমাই থকা প্ৰতিভাৱান ফেশ্বন ডিজাইনাৰ আৰু মডেল সকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে এটা ফটো শ্বুট অনুষ্ঠিত হয়। এই ফটো শ্বুটত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩৫ গৰাকী শিশু, যুৱক যুৱতী আৰু মহিলাই অংশগ্ৰহণ কৰে। ফটোশ্বুটত উদীয়মান ফটোগ্ৰাফাৰ দিপাংকৰ বৰুৱা আৰু অমৰীশ দাস, মেকআপ আৰ্টিষ্ট মৌচুমী গগৈ আৰু শিখালীম দত্তই সহযোগিতা আগবঢ়ায়।এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হেণ্ডলোম এণ্ড টেক্সটাইল বিভাগৰ যোৰহাট মণ্ডলৰ ইন্সপেক্টৰ জাকিৰ হুছেইন, বিশিষ্ট সমাজ সেৱিকা তথা তম্মনা ফাউনণ্ডেচনৰ মেনেজিং ডাইৰেক্টৰ চজবিন হাজৰিকা আৰু হোটেল জীৰণিৰ স্বত্বাধিকাৰী ৰাজেন দত্ত। উপস্থিত বিশিষ্ট অতিথি সকলে ক্লথ লুক ফেশ্বন আলোচনীখনৰ প্ৰচেষ্টাৰ শলাগ লয়। আনহাতে এই ফটো শ্বুটত অংশগ্ৰহণ কৰা মডেল সকলৰ ফটো ক্লথ লুক ফেশ্বন আলোচনীখনত প্ৰকাশ পাব বুলি আলোচনীখনৰ উত্তৰ পূৰ্বাঞ্চলৰ মাকেটিং হেড বনস্মিতা সন্দিকৈয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে মৰিয়নীৰ বোৱাৰী তথা প্ৰাগজ্যোতিকা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যাপিকা বনস্মিতা সন্দিকৈয়ে মিছেচ ইণ্ডিয়া ইউনিভাৰ্চ, মিছেচ দিভা অৱ ইণ্ডিয়া ইউনিভাৰ্চ খিতাপ অৰ্জন কৰা পিছত শেষতীয়াকৈ ক্লথ লুক ফেশ্বন মেগাজিনৰ লগত জড়িত হৈ অসমৰ ফেশ্বন জগতত সক্ৰিয়তাৰে কাম কৰি আছে। খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে।
Trending
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী