এপট আঁচনিৰ সামগ্ৰী বিতৰণ

0 277

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প চমুকৈ এপট আচনিৰ আধীনত ৰাজ্যৰ ১৫ খন জিলাৰ মীন বিভাগৰ কাৰ্য্যালয়ৰ অান্ত:গাঠনি সামগ্ৰী, লেপটপ, কম্পিউটাৰ, জেৰক্স মেচিন বিতৰণ উপলক্ষে ৩০ জানুৱাৰীৰ বিয়লি অসম চৰকাৰৰ মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য কাৰ্য্যালয় সভাগৃহত এখন সভা অনুষ্ঠিত হয়। সভাত মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই উপস্থিত থাাকি  বিষয়া সকলক নিষ্ঠা সহকাৰে কাম কৰিবলৈ আৰু সামগ্ৰী সমুহৰ যাতে সদ ব্যৱহাৰ হয় তাৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনায়। সভাত অসম চৰকাৰৰ মীন বিভাগৰ সচিব ৰাকেশ কুমাৰ, সঞ্চালক পদ্মনাথ দাসকে ধৰি বিভাগৰ কেইবাগৰাকী বিষয়া আৰু ১৫ খন জিলাৰ জিলা মীন উন্নয়ন বিষয়া উপস্থিত থাকে। আনহাতে বিভাগীয় সুত্ৰই সদৰি কৰা অনুসৰি অহা ৭ বছৰত ৰাজ্যৰ মাছৰ উৎপাদন বৃদ্ধিক ধৰি মীন বিভাগৰ বাবে এপট আচনিৰ অধীনত ১৩১ কোটি টকা ব্যয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.