অচিৰেই বিদ্যুতৰ পোহৰে আলোকিত হ’ব বগীজুলি

শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাও নাম বগীজুলি। অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত এই গাঁওখন অৱস্থিত। স্বাধীনতাৰ পাছৰে এই বন গাওখনৰ গাওবাসীয়ে আজি পৰ্য্যন্ত দেখা পোৱা নাছিল বিদ্যুৎ নো কি ! একৈশ শতিকাতো অন্ধকাৰৰ মাজতে দিন কটাবলগীয়া হৈছিল এইসকল গাওবাসীয়ে আনকি কেৰাচিনৰ লেম্প,মমৰ পোহৰৰ মাজতে গাওখনৰ শিক্ষাৰ্থীসকলে চৰম দুৰ্ভোগৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছিল। কিন্তু এই গাওবাসীসকলৰ বাবে আহিল ভাল খবৰ তথা কিয়নো চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বিদ্যুৎ বিভাগৰ যুটিয়া উদ্যোগত চৰকাৰৰ সৌভাগ্য আঁচনিৰ অধীনত এই বগীজুলী গাওবাসীয়ে লাভ কৰিলে বিদ্যৎ সংযোগ । গাওখনৰ প্ৰতিখন ঘৰলৈ যোগান ধৰা হৈছে বিনামুলীয়া বিদ্যুৎ যোগান। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বগীজুলী গাৱত নিজহাতেৰে বিদ্যুৎৰ খুটা পুতি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিলে সৌভাগ্য আচনিৰ।ইমান বছৰৰ পিচত পোহৰৰ মুখ দেখা পোৱা বগিজুলী গাঁও বাসীয়ে একেমুখে শলাগিলে বিধায়ক পদ্ম হাজৰিকাক।

Comments (0)
Add Comment