ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সহযোগত শ্রী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রী শ্রী দামোদৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আজি ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰে ৰজিতা খুৱাই মানুহে মানুহৰ বাবে শীর্ষক এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই অসমৰ জাতীয় জীৱনলৈ ড০ ভূপেন হাজৰিকাৰ অৱদান স্মৰণ কৰে। অসমৰ বিশিষ্ট শিল্পী সকলে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে।এই অনুষ্ঠানত সুধাকণ্ঠৰ কালজয়ী গীত -অসম আমাৰ ৰূপহী, মাহত দেখোন উৰুকা নহয় তুমি নহলে, গাঁৱৰে জীয়ৰী, ৰ’দপুৱাবৰ কাৰণে, নৱ মল্লিকা হেঁপাহ, অসমী আইৰে লালিতা পালিতা আদি গীত সমূহ অনিৰ্বাণ দাস, পাহাৰী দাস, ৰুবী সিংহ, সন্ধ্যা মেনন, নমিতা ভট্টাচার্য, শান্তা উজিৰ, কুইন দাস আদি শিল্পী সকলে পৰিৱেশন কৰে।অনুষ্ঠানত ভূপেন হাজৰিকাৰ পৰিয়ালৰ তৰফৰ পৰা ময়ুখ হাজৰিকা, ডাৱৰ হাজৰিকা, কুঁৱলী হাজৰিকা আদিয়ে গীত পৰিৱেশন কৰে।
এই অনুষ্ঠানতে মন্ত্রী বড়াই ডিব্ৰুগড়ৰ ৰূপ বৰাই প্ৰস্তুত কৰা অসমৰ জ্যেষ্ঠ আৰু কনিষ্ঠ ১০০ গৰাকী শিল্পীয়ে কণ্ঠদান কৰা সুধাকণ্ঠৰ পুৱাৰ কাৰণে শীৰ্ষক গীতৰ ভিডিওটোও উন্মোচন কৰে।

Comments (0)
Add Comment