গৌৰৱোজ্জ্বল ৮৪ বছৰত ভৰি দিয়া বি বৰুৱা কলেজ (স্বশাসিত)ৰ প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত পতাকা উত্তোলন কৰে কলেজৰ অধ্যক্ষ ড০ সত্যেন্দ্ৰ নাথ বৰ্মনে। তেওঁৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অধ্যক্ষগৰাকীয়ে কলেজখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ সফলতা, শৈক্ষিক অগ্ৰগতি আৰু গৌৰৱময় যাত্ৰাৰ ওপৰত আলোকপাত কৰে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা। ভাষণত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিয়মিতভাৱে গ্ৰন্থাগাৰ ব্যৱহাৰ কৰি জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ আহ্বান জনায়।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এই বছৰৰ গোপীনাথ বৰদলৈ বঁটা বিশিষ্ট গায়ক তথা ‘অসম সৌৰভ’ দ্বীপেন বৰুৱাক প্ৰদান কৰা হয়। সন্মান গ্ৰহণৰ পিছত কিংবদন্তি শিল্পীগৰাকীয়ে দুটিকৈ গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।
অনুষ্ঠানতে ড০ সত্যব্ৰত বৰুৱা, ড০ দেৱিকা ফুকন আৰু ৰৱনী খাওবুঙৰ গ্ৰন্থ ‘Technological Skills in Education’ উন্মোচন কৰা হয়। লগতে শৈক্ষিক, সহ-পাঠ্যক্ৰমিক, NSS আৰু NCC ক্ষেত্ৰত বিশেষ কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কৃত কৰা হয়। Q1 আৰু Q2 গৱেষণা-পত্ৰিকাত গৱেষণা-পত্ৰ প্ৰকাশ কৰা শিক্ষক আৰু গৱেষক ছাত্ৰ-ছাত্ৰীসকলকো এই অনুস্হানতেই সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰিও শিক্ষক-কৰ্মচাৰীসকলৰ মাজত অনুষ্ঠিত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ শেষত সাংস্কৃতিক অনুষ্ঠান আৰু সন্ধিয়াৰ বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সামৰণি পৰে।