অনলাইনত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

ৰাজ্যখনত ক’ভিডে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এনে পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ে অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপ জ্যোতি সন্দিকৈৰ নেতৃত্বত অনুষ্ঠিত হোৱা এক জৰুৰীকালীন বৈঠকত কৰ্তৃপক্ষই অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰাৰ জাননী প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয় খনৰ স্নাতক পৰীক্ষা সমূহ ১ ৰ পৰা ১৫ জুনলৈ অনলাইনত অনুষ্ঠিত হ’ব। আনহাতে স্নাতক মহলাৰ পৰীক্ষা সমূহ জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ’ব। পৰৱৰ্তী সময়ত পৰৱৰ্তী পৰীক্ষা সন্দৰ্ভত বিস্তৃত নিয়মাৱলী প্ৰকাশ কৰা হ’ব বুলি কৰ্তৃপক্ষৰ ফালৰ পৰা জানিবলৈ দিছে।

Comments (0)
Add Comment