অভিমত ফৰ আসামৰ প্ৰশংসনীয় পদক্ষেপ

শিৱসাগৰ জিলাৰ কেইগৰাকীমান স্কুলীয়া ছাত্ৰৰ দ্বাৰা গঠিত স্বেচ্ছাসেৱী গোট অভিমত ফৰ আসামৰ দ্বাৰা জিলাখনৰ ক’ভিড-১৯ সাহাৰ্য পূঁজিলৈ ১২,৫০০ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়ায়। গোটটিৰ বিষয়ববীয়া ক্ৰমে আয়ুস্মান সমীৰ গগৈ, ৰাহুল আগৰৱাল, শিৱকিৰণ গগৈ, কাশ্যপ আগৰৱালা আৰু অভিষেক ভড়ালীয়ে কালি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ উপায়ুক্ত লক্ষীনন্দন গগৈৰ হাতত এই সাহাৰ্য্য আগবঢ়ায়।
 
জিলা উপায়ুক্ত গৰাকীয়ে এই যুৱক সকলৰ মহানুভৱতা আৰু সেৱাৰ মনোভাৱ প্ৰত্যক্ষ কৰি অত্যন্ত অভিভূত হয়। তেখেতে অভিমত ফৰ আসামৰ এই পদক্ষেপক আন্তৰিক শলাগ লোৱাৰ লগতে এই গোটটোৰ লগত জড়িত যুৱক সকলৰ উজ্বল ভৱিষ্যত কামনা কৰে।উল্লেখযোগ্য যে অভিমত ফৰ আসামৰ লগত জড়িত যুৱক সকলে তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লাভ কৰা নগদ পুৰস্কাৰ সঞ্চয় কৰি এই পূঁজি আগবঢ়ায়।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Comments (0)
Add Comment