অসমীয়া উদ্যমীৰ উদ্ভাৱন- আৰ্ছেনিকমুক্ত পানী

আৰ্ছেনিক আৰু ফ্লৰাইডযুক্ত পানীয়ে জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে এজন অসমীয়া উদ্যমীয়ে খোৱাপানী আৰ্ছেনিকমুক্ত কৰাৰ উপায় উদ্ভাৱন কৰিছে।সম্প্ৰতি গুৱাহাটীৰ বাসিন্দা বাসিন্দা ৰাজীৱ শইকীয়া নামৰ উদ্যমীজনে কেমিকেল লেছ ৱাটাৰ পৰীক্ষণৰ জৰিয়তে আৰ্ছেনিকমুক্ত পানী পাব পৰা ব্যৱস্থা উদ্ভাৱন কৰিছে।স্মতৰ্ব্য যে এই ব্যৱস্থাৰ জৰিয়তে পানী বিশুদ্ধকৰণে নহয়,ভুগৰ্ভস্থ দুষিত পানীকো খোৱাৰ উপযুক্ত কৰি তোলে।জানিব পৰা মতে তেখেতে আই আই টি গুৱাহাটীৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰি আহিছে।চৰকাৰৰ ফালৰ পৰা সহযোগ নিশ্চয়কে এই পদক্ষেপে প্ৰসাৰ লাভ কৰিব।

Comments (0)
Add Comment