অসমৰে এজন মানৱদৰদী চিকিৎসক-১০ টকাৰ ফিজৰ বিনিময়ত কৰে চিকিৎসা

এজন হৃদয়বান চিকিৎসক।চিকিৎসক জনৰ নাম ডা: ৰঞ্জন গগৈ। চিকিৎসক গৰাকীয়ে ১৯৯০ চনৰ পৰাই চৰকাৰী চাকৰি ত্যাগ কৰি অসম অৰুণাচলৰ সীমান্তবৰ্তী অঞ্চল পাভৈত দৰিদ্ৰ লোকৰ মাজত মাত্ৰ ২০ টকা বিনিময়ত চিকিৎসা সেৱা আগবঢ়াই আহিছে ।নিজৰ অক্লান্ত শ্ৰমে এই মানৱদৰদী চিকিৎসক জনে সীমান্তবৰ্তী অঞ্চলত এতিয়া হৈ পৰিছে জনপ্ৰিয়।জানিব পৰা মতে ক’ভিড পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত ১০টকা ফিজৰ বিনিময়ত চিকিৎসা সেৱা আগবঢ়াব। উল্লেখযোগ্য যে, চিকিৎসক গৰাকীয়ে লকডাউনৰ সময়চোৱাতো বিনামূলীয়াকৈ ৰাইজক চিকিৎসা কৰা লগতে ঔষধ দি সেৱা আগবঢ়াই আহিছে।ইয়াৰ উপৰিওলকডাউনে কোঙা কৰা বহুতো পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি মানৱীয়তাৰ পৰিচয় দাঙি ধৰিছে চিকিৎসক গৰাকীয়ে।

Comments (0)
Add Comment