অসমৰ বিজ্ঞানীলৈ ৰোল মডেল এৱাৰ্ড

উদ্ভাৱনী শক্তিৰ দ্বাৰা বিশ্বৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনলৈ সেৱা আগবঢ়োৱা বিজ্ঞানী  ডক্টৰ উদ্ধৱ ভৰালীক আগবঢ়াইছে ৰোল মডেল এৱাৰ্ড ।ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে থিংক ইণ্ডিয়াৰ যৌথ সহযোগত এই সন্মান আগবঢ়াইছে ।জানিব পৰা মতে অহা ১৩জানুৱাৰীত বাংগালোৰস্থিত প্ৰতিষ্ঠানটোৱে জাগ্ৰুতি ২০১৯সৰ্বভাৰতীয় যুৱ মহোৎসৱত এই বঁটা প্ৰদান কৰিব ।উল্লেখযোগ্য যে১৪৯ টা যন্ত্ৰ উদ্ভাৱন কৰি ইতিমধ্যে তেখেতে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা লাভ কৰিছে।শেহতীয়াকৈ লাভ কৰা এনে খবৰে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে ।

Comments (0)
Add Comment