আজিৰে পৰা আৰম্ভ হ’ল বৰ্ষাকালীন অধিবেশন

আজি পৰা চাৰিদিনীয়াকৈ আৰম্ভ হৈছে অসম বিধানসভা বৰ্ষাকালীন অধিবেশন। এইবাৰ অধিবেশন ব্যতিক্ৰম ধৰণৰে আয়োজন কৰা হৈছে। মাত্ৰ ৫০শতাংশ জনপ্ৰতিনিধি এই বৰ্ষাকালীন অধিবেশনত উপস্থিত থাকিব। ক’ৰণাজনিত পৰিস্থিতি পৰিপ্ৰেক্ষিতত এইবাৰ অতি কম সংখ্যক ব্যক্তিৰ উপস্থিতিত বিধানসভাৰ অধিবেশন সম্পন্ন হ’ব।
 
 
 
প্ৰশংগক্ৰমে উল্লেখযোগ্য যে এইবাৰ অধিবেশনত মুঠ ১১ খন বিধেয়ক উত্থাপন কৰা হ’ব।ইয়াৰ ভিতৰত ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ দ্যা মৰাণ অট’নমাছ কাউন্সিল বিল ,দ্যা মটক অট’নমাছ কাউন্সিল বিল, দ্যা কমতাপুৰ অট’নমাছ কাউন্সিল বিল,নগৰ উন্নয়ন বিভাগৰ দ্যা আসাম মিউনিচিপাল বিল,উচ্চ শিক্ষা বিভাগৰ দ্যা আসাম কলেজ এমপ্লাইজ বিল,দ্যা বীৰাংগনা সতীসাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় বিল, কৃষি বিভাগৰ দ্যা আসাম এগ্ৰিকালচাৰেল প্ৰডিউছ এণ্ড লাইভষ্টক মাৰ্কেটিং বিল, শ্ৰমিক কল্যান বিভাগৰ দ্যা ফেক্টৰীজ বিল,দ্যা কনট্ৰেক্ট লেবাৰ বিল,আৰু পৰিবহন বিভাগৰ দ্যা আসাম মটক ভেহিক’ল টেক্সেচন বিল,দ্যা আসাম ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপ’ট ৰেগুলেটৰী অৰ্থৰিটী বিল ।সদনৰ প্ৰশ্নোত্তৰ কালত প্ৰশ্ন নথকা কোনো বিধায়কে কাৰ্যক্ৰমণিকাত অংশগ্ৰহণ কৰিব নোৱাৰিব।

Comments (0)
Add Comment