আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

আজি অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া।সেয়ে পুৱা ৭ বজাৰ পৰা ভোট কেন্দ্ৰ সমূহত দেখা গৈছে ভোটাৰৰ লানি নিছিগা শাৰী।প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ ৪৭ টা সমষ্টিত অনুষ্ঠিত হৈছে।সেই অনুসৰি ক’ভিড প্ৰট’কল মানি মাস্ক পৰিধান কৰা অথবা ভোটগ্ৰহণ কেন্দ্ৰ সমূহ চেনিটাইজেচন কৰা দেখা গৈছে।প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহন কেন্দ্ৰত ১১,৫৩৭ টা প’লিং কেন্দ্ৰ থাকিব।আজি ৮১,০৯৮১৫ জন ভোটাৰে ভোটদান কৰিব।এই প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ,হিতেন্দ্ৰ নাথ গোস্বামী দৰে হাই প্ৰফাইল প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।

Comments (0)
Add Comment