আজি ঘোষণা হ`ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে।ক’ভিড পৰিস্থিতিৰ বাবে বাতিল হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শিক্ষাৰ্থীয়ে পূৰ্বৰ কেতবোৰ পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু তাৰ ভিত্তিতে আজি এই ফলাফল ঘোষণা কৰা হয়।ছেবাৰ অধীনত থকা মুঠ ৭,৩০১ খন বিদ্যালয়ত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪,২৬,৫৫গৰাকী। ইয়াৰে ১,৯৭,৬৫৫ গৰাকী ছাত্ৰ আৰু ২,২৮,৯৮৮ গৰাকী ছাত্ৰী।ফলাফল অনুসৰি সৰ্বমুঠ উত্তীৰ্ণ ৩,৯৭,১৩২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ হৈছে ৯৩.১০ শতাংশ।ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ ৮৮,৫২১ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৬০,২৯৮ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ১,৪৮,৩১৩ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।

Comments (0)
Add Comment