এক সজাগতা মূলক অনুষ্ঠান

হেপাটাইটিছ ৰোগবিধ এবিধ নীৰৱ ঘাতক। ই সাধাৰণতে কোনো লক্ষণ বা উপসৰ্গ প্ৰদৰ্শন নকৰে। অতি বিষম অৱস্থাতে ইয়াৰ উপসৰ্গ দৃষ্টিগোচৰ হয়। এই মন্তব্য চিকিৎসক ডাo অৰবিন্দ কেলকাৰৰ। আজি বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে এপ’ল হস্পিতালৰ গুৱাহাটী ইউনিটে প্ৰগতি মেনৰত আয়োজন কৰা এক সংবাদ মেলত এই কথা সদৰী কৰে। উল্লেখযোগ্য যে ভাৰতত প্ৰতিবছৰে প্ৰায় ২৫ মিলিয়ন লোকে এই ৰোগবিধত মৃত্যু হয়। প্ৰচলিত বিশ্বাস অনুসৰি হেপাটাইটিছ B অতি ভয়ানক। কিন্তু হেপাটাইটিছ B ৰ চিকিৎসা সহজলভ্য। আনহাতে হেপাটাইটিছ C ৰোগৰ উপসৰ্গ সচৰাচৰ ফুটি নুঠে। যাৰ ফলস্বৰূপে ই নীৰৱ ঘাতক হিচাপে চিহ্নিত হৈছে। উত্তৰ পূব ভাৰতৰ হেপাটাইটিছ C ৰোগীৰ সংখ্যা সৰ্বাধিক। স্মতৰ্ব্য যে পাঞ্জাৱত চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ বিনামুলীয়াকৈ ঔষধ আগবঢ়ায়। হেপাটাইটিছ B প্ৰধানকৈ লিভাৰৰ দ্বাৰা সংক্ৰমিত হয়। এই নিৰৱ ঘাতক বিধক চিনাক্ত কৰাৰ বাবে নিয়মিত ভাৱে স্বাস্থ্য পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী। 

এইক্ষেত্ৰত জনসাধাৰণৰ সজাগতা, সহযোগিতাৰ আৱশ্যক। জন সহযোগিতাৰ যোগেদিহে ২০৩০ চনৰ ভিতৰত দেশৰ পৰা হেপাটাইটিছ নিৰ্মূল কৰা সম্ভৱ। আজি অনুষ্ঠিত কৰা সংবাদ মেলত ডাo কমল চেত্ৰী, ডাo মুকেশ আগৰৱালা আৰু ডাo প্ৰসন্ন কে এছ এ অংশগ্ৰহণ কৰে। 

Comments (0)
Add Comment