আত্ম সহায়ক গোটৰ মহিলাই দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন….

নগাঁও জিলাৰ ৮৪নং বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকমাৰি গাঁওপঞ্চায়তৰ এখন গাঁও। অনুসূচিত জাতি লোকৰ বসতিপ্ৰধান এই গাঁওখনৰ নাম জাজৰি বগৰিগুৰি। দিনহাজিৰা, মাছমৰা, কাপোৰ বোঁৱা-কটা আদি দৈনন্দিন নিৰ্দিষ্ট কামবোৰৰ লগতে গ্ৰাম্য জীৱনৰ প্ৰধান উৎস খেতি-বাতি কামত এই লোকসকল সততে ব্যস্ত থাকে।

এই বগৰিগুৰি গাঁৱৰ মহিলা সকলে স্ব-নিৰ্ভৰশীলতাৰ বাবে আত্ম সহায়ক গোট গঠন কৰি বৰ্তমান যেন নতুন এক কৃষি বিপ্লৱৰ সুচনা কৰিছে। ৰাষ্ট্ৰীয় গ্ৰামীন জীৱিকা অভিযানৰ জৰিয়তে দলংঘাট উন্নয়ন খণ্ডত ১০গৰাকীকৈ মহিলাই আত্ম সহায়ক গোট গঠন কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। উন্নয়ন খণ্ডটোৰ কাকমাৰি গাঁওপঞ্চায়তৰ তৃষ্ঞা গ্ৰাম্য সংগঠনৰ অন্তৰ্গত উদয়ন, পঞ্চৰত্ন, ৰূপশিখা আৰু মনালিচা আত্ম সহায়ক গোটৰ ৪০ গৰাকী মহিলাই এক গোট হৈ প্ৰায় ৪০ বিঘা মাটিত ৰবি শস্যৰ খেতি কৰি বিশেষ ভাৱে আদৰ্শ দেখুৱাইছে।

তেওঁলোকে ৰবি শস্যৰ সময়ত নগাঁও জিলা কৃষি বিভাগৰ জৰিয়তে সৰিয়হ, মটৰমাহ আৰু মচুৰমাহৰ বীজ প্ৰায় ৪০ বিঘা মাটিত খেতি কৰি যথেষ্ঠ উৎপাদন কৰি লাভৱান হোৱা বুলি জানিব পৰা গৈছে।

ৰাহুল দেৱ বৰদলৈ, নগাঁও
এন ই ফকাচ ডট কম

Comments (0)
Add Comment