আৰম্ভ হ’ল উত্তৰ পূব গ্ৰন্থমেলা

আজিৰে পৰা চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰত আৰম্ভ হৈছে২০ সংখ্যক উত্তৰ পূব গ্ৰন্থ মেলা। গ্ৰন্থ মেলাখন আনুষ্ঠানিক ভাৱে মুকলি কৰে য়েচে দৰজে ঠংচিয়ে। উদ্বোধনী অনুষ্ঠানৰ ভাষণ প্ৰসংগত য়েচে দৰজে ঠংচিয়ে কয় যে বিশ্বৰ ১০টা বৃহৎ উদ্যোগৰ ভিতৰত গ্ৰন্থ উদ্যোগ অন্যতম। চ’চিয়েল মেডিয়াটো আজি কালি ভাল কবিতা প্ৰকাশ পায়। আনহাতে বিশিষ্ট সাহিত্যিক কনক সেন ডেকাই আশাবাদৰ ওপৰত প্ৰাধান্য দি কয় যে কিতাপ লিখা অথবা প্ৰকাশ কৰাটো ব্যৱসায় হিচাপে নহয় , সেৱা হিচাপেহে ল’ব লাগে। সমগ্ৰ মানৱ জাতিক গ্ৰন্থই বান্ধি ৰাখিছে ।আমি নেতিবাচক , হতাশাৰ মনোভাৱ পৰিহাৰ কৰি ইতিবাচক চিন্তাৰে আগুৱাই যাব লাগে।অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকি কয় যে -গ্ৰন্থ আমাৰ আপোন, গ্ৰন্থ আমাৰ সপোন আৰু গ্ৰন্থ আমাৰ দাপোন। গ্ৰন্থ অধ্যয়নৰ জৰিয়তে পৰিকল্পিত ভাৱে সমাজ খনক আগুৱাই নিব লাগে। ভাষণ প্ৰসংগত আছু নেতা জনে কয় যে বৰ্তমান সময়ত বুক বেংক , ভ্ৰাম্যমাণ পুথিভঁৰাল নিৰ্মাণৰ প্ৰসংগিকতা আহি পৰিছে।আনুষ্ঠানত বিশিষ্ট সাহিত্যিক দয়ানন্দ পাঠক জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, , হাইদৰ হুছেইন , ঘনশ্যাম নাথ, অজিত কুমাৰ বৰ্মনৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি  উপস্থিত থাকে। উল্লেখযোগ্য যে ২০ নৱেম্বৰত গ্ৰন্থ মেলাৰ সামৰণি পৰিব।

Comments (0)
Add Comment