ইক’ ফাইনান্সৰ( অমৰশক্তি কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ লিমিটেড) “মেগা লোণ মেলা”

নিবনুৱা যুৱক যুৱতী আৰু কৃষকৰ বাবে সুখবৰ।ক’ভিড মহামাৰীয়ে সংস্থাপনৰ দিশত বহুখিনি ঋণাত্মক প্ৰভাৱ পেলোৱা ফলস্বৰূপে এতিয়াও যিসকল যুৱক যুৱতীয়ে সংস্থাপনৰ সন্ধানত আছে তেওঁলোকৰ বাবে ইক ফাইনেন্সে ঘোষণা কৰিলে মেগা লোণ মেলা। ক’ভিডৰ পাছত প্ৰথমবাৰৰ বাবে যিসকল যুৱক যুৱতী আৰু কৃষকে ইলেক্টিকে থ্ৰি হুইলাৰ আৰু এগ্ৰিকালচাৰ মেটিনাৰী কিনিবলৈ চিন্তা কৰিছে তেওঁলোকৰ নিমিত্তে অনুষ্ঠিত কৰা হয় মেগা লোণ মেলা। এই লোণ মেলাৰ সময়ছোৱাত ইক ফাইনেন্সে কে ৱাই চি নথি-পত্ৰত স্পট ফাইনান্স আগবঢ়াব। একে সময়তে যদি ঋণকাৰীয়ে তিনিমাহ ভিতৰতে ঋণৰ ধন ঘূৰাই দিছে তেন্তে তেওঁলোকৰ পৰা কোনো সুত লোৱা নহ’ব।এক সংবাদমেল অনুষ্ঠিত কৰি মেগা লোণ মেলা পতাৰ কথা ঘোষণা কৰি ইক’ ফাইনান্সৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰবে কয় যে অহা ৫ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ,২০২২ তাৰিখলৈ এই ঋণ মেলাৰ সুবিধা ইক’ ফাইনান্সৰ গুৱাহাটী, ৰঙিয়া,নলবাৰী, গোৱালপাৰা, বৰপেটা, ধুবুৰী, মঙলদৈ,তেজপুৰ, বিশ্বনাথ চাৰিআলি আৰু যোৰহাট শাখাত উপলব্ধ হ’ব।

Comments (0)
Add Comment