নিবনুৱা যুৱক যুৱতী আৰু কৃষকৰ বাবে সুখবৰ।ক’ভিড মহামাৰীয়ে সংস্থাপনৰ দিশত বহুখিনি ঋণাত্মক প্ৰভাৱ পেলোৱা ফলস্বৰূপে এতিয়াও যিসকল যুৱক যুৱতীয়ে সংস্থাপনৰ সন্ধানত আছে তেওঁলোকৰ বাবে ইক ফাইনেন্সে ঘোষণা কৰিলে মেগা লোণ মেলা। ক’ভিডৰ পাছত প্ৰথমবাৰৰ বাবে যিসকল যুৱক যুৱতী আৰু কৃষকে ইলেক্টিকে থ্ৰি হুইলাৰ আৰু এগ্ৰিকালচাৰ মেটিনাৰী কিনিবলৈ চিন্তা কৰিছে তেওঁলোকৰ নিমিত্তে অনুষ্ঠিত কৰা হয় মেগা লোণ মেলা। এই লোণ মেলাৰ সময়ছোৱাত ইক ফাইনেন্সে কে ৱাই চি নথি-পত্ৰত স্পট ফাইনান্স আগবঢ়াব। একে সময়তে যদি ঋণকাৰীয়ে তিনিমাহ ভিতৰতে ঋণৰ ধন ঘূৰাই দিছে তেন্তে তেওঁলোকৰ পৰা কোনো সুত লোৱা নহ’ব।এক সংবাদমেল অনুষ্ঠিত কৰি মেগা লোণ মেলা পতাৰ কথা ঘোষণা কৰি ইক’ ফাইনান্সৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰবে কয় যে অহা ৫ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ,২০২২ তাৰিখলৈ এই ঋণ মেলাৰ সুবিধা ইক’ ফাইনান্সৰ গুৱাহাটী, ৰঙিয়া,নলবাৰী, গোৱালপাৰা, বৰপেটা, ধুবুৰী, মঙলদৈ,তেজপুৰ, বিশ্বনাথ চাৰিআলি আৰু যোৰহাট শাখাত উপলব্ধ হ’ব।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি