উত্তৰ-পূৱৰ আন্তঃগাঁথনি উন্নয়নৰ কৃতকাৰ্য্যতাৰ বাবে ছেটেলাইট ইমেজিং হ’ব

উত্তৰ পূৰ্বৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ছেটেলাইট ইমেজিঙ হ’ব ইছৰ’(ISRO) সহযোগত।এই মন্তব্য কৰিছে ড’নাৰ মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে। ভাৰতৰ ড’নাৰ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া তথা তেখেতে মন্তব্য কৰা অনুসৰি ইতিমধ্যে ৬খন ৰাজ্যই ইছৰ’ লৈ সেইবোৰ ৰূপায়ণৰ বাবে প্রস্তাৱ প্ৰেৰণ কৰিছে। বাকী দুখন ৰাজ্য চিকিম আৰু অসমে অচিৰেই ইছৰ’লৈ এনে প্ৰস্তাৱ প্ৰেৰণ কৰিব।লগতে জনায় যে, ইছৰ’ই ইতিমধ্যে উত্তৰ পূব পৰিষদৰ বিত্তীয় সহযোগিতাত অঞ্চলটোত পর্যবেক্ষণ অব্যাহত ৰখাৰ লগতে ২২১ টা স্থানত ৬৭ টা প্রকল্পত জিয়’ টেগ কৰিবলৈ আৰম্ভ কৰিছে।ইতিমধ্যে ইছৰ’ দেশৰ কোনো অনুষ্ঠানৰ সৈতে মেপিঙৰ ক্ষেত্ৰত জড়িত হৈছে।

Comments (0)
Add Comment