এজন প্ৰকৃতিপ্ৰেমীৰ অভিনৱ পদক্ষেপ -ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিশেষভাৱে চৰ্চা

সৰুতে এটা সপোন দেখা মনত পৰে।সপোনত এটা হাতী পোৱালীৰ লগত কথা পাতিছিলো ।সপোনত হাতী পোৱালীটোৱে কৈছিল আজি মই নৰেন তাঁতীৰ ঘৰৰ কুঁৱাত পৰিম, মোক উদ্ধাৰ কৰিবা।সপোনৰ কথা সপোন বুলি ভাবি এৰি দিছিলো।ঘটনাক্ৰমে ঠিক সেই দিনাই খবৰ পালো যে নৰেন তাঁতী ঘৰৰ কুঁৱাত এটা হাতী পোৱালী পৰিল।ময়ো আগ্ৰহেৰে দেউতাৰ লগত হাতী পোৱালী কুঁৱাত পৰা চাবলৈ গৈছিলো।মই যথেষ্ট সৰু আছিলো, সেয়ে মই উদ্ধাৰ কৰিব পৰা নাছিলো।মোৰ দেউতাই কোৰেৰে কুঁৱাৰ মাটি খান্দি হাতী পোৱালীটোক উদ্ধাৰ কৰিছিল।আৰু তেতিয়াৰ পৰা হাতীৰ লগত আত্মীয়তা গঢ় লৈ উঠিছিল ।খেলিবলৈও হাতীহে বিচাৰিছিলো।এয়া হস্তী মানুহৰ সংঘাত দূৰীভূত কৰাৰ কাৰণে কাম কৰা সমাজকৰ্মী বিনোদ দুলু বৰাৰ মন্তব্য ।নগাঁৱৰ চেপানলাৰ এই বিশেষ যুৱকজন সম্প্ৰতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহুলভাৱে চৰ্চিত হৈ পৰিছে ।কিয়নো বিনোদ দুলু বৰাই হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ কলগছ, ঔটেঙা, কুম্ভী গছ ,নেপিয়াৰ গ্ৰাছ ৰোপন কৰিছে ।তেখেতে হাতীবন্ধু নামৰ বেচৰকাৰী সংস্থাটোৰ জৰিয়তে প্ৰায় ২৫হাজাৰ কলগছ, ২০০০ঔটেঙা, ৫০০কুম্ভী আৰু ৪০ বিঘা মাটিত নেপিয়াৰ গ্ৰাছ ৰোপন কৰিছে।ইয়াৰ উপৰিও হস্তী মানুহৰ সংঘাত দূৰ কৰিবলৈ হাতীখুলিৰ ২০০ বিঘা মাটিত হাতীৰ বাবে ধানৰ খেতি কৰিছে।তেখেতক এই ক্ষেত্ৰত সহযোগ কৰিছে প্ৰদীপ ভূঞাই।বিনোদ দুলু বৰাৰ মতে ননৈ, কঠালগুৰি, দোলপাহাৰৰ সমূহ ৰাইজে তেখেতৰ এই পদক্ষেপক আগবঢ়াই নিবলৈ সহযোগিতা আগবঢ়াইছে।উল্লেখযোগ্য যে বিনোদ দুলু বৰাই প্ৰায় ৮বছৰ বয়সৰ পৰাই সমাজৰ উন্নয়নৰ বাবে বিভিন্ন কাম কৰি আহিছে ।যাৰ বাবে চেঞ্চুৰী এছিয়া আলোচনীয়ে বঁটা প্ৰদান কৰিছে আৰু শেহতীয়াকৈ অসম চৰকাৰে ১৫ আগষ্টত শ্ৰেষ্ঠ সামূহিক কৰ্ম বঁটা প্ৰদান কৰিছে।সামাজিক কৰ্মৰে উদ্ভাসিত হোৱা বিনোদ দুলু বৰাৰ এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা অলেখ শুভকামনা জনালো ।

Comments (0)
Add Comment