এনাজৰীৰ উদ্যোগত অনুষ্ঠিত হ’ল বৃক্ষৰোপন

শোণিতপুৰ জিলাৰ অন্তৰ্গত টেট উত্তীৰ্ণ শিক্ষকসকলৰদ্বাৰা গঠিত সামাজিক ,সাংস্কৃতিক মঞ্চ এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ  উদ্যোগত আৰু বোকাগাঁও গাঁও উন্নয়ন সমিতিৰ সহযোগত বালিপৰা ৰঙাপৰা সদাব্যস্ত পথৰ এলিট একাডেমীৰ সমীপৰ পৰা বোকাগাঁও পৰ্যন্ত পথৰ দুয়োকাষে নাহৰ, কাঞ্চন, কৃষ্ঞচূড়া ৰাধাচূড়া, আদি কৰি সৰ্বমুঠ এশজোপা মূল্যৱান গছপুলি ৰোপন কৰি সেউজীকৰণৰ মহান আদৰ্শ দাঙি ধৰে ।অনুষ্ঠানটোত শুভ উদ্বোধন কৰে বোকাগাঁৱৰ বয়োজ্যেষ্ঠ সমাজকৰ্মী পুষ্প বৰাই । শিক্ষকতা জীৱনৰ পৰা আজৰি সময় উলিয়াই অনাগত দিনটোও বালিপৰাৰ লগতে জিলাখনৰ ব্যস্ত পথৰ দুয়োকাষ, ৰাজহুৱা স্থান, বিদ্যালয় চৌহদত বহুসংখ্যক গছপুলি ৰোপণ কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেখেতে অৱগত কৰে ।

Comments (0)
Add Comment