ওদালগুৰিত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ

আজিৰপৰা আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো ১৪ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই দিৱসৰ শুভাৰম্ভ হয়। উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত জিলা প্ৰতিষেধক বিষয়া ডা. গণেশ চন্দ্ৰ ব্ৰহ্মই এই দিৱসৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটোত কণ কণ ছাত্ৰ ছাত্ৰীসকলক পেলুৰ প্ৰতিষেধক প্ৰদান কৰা হয়। এই অনুষ্ঠানত ওদালগুৰি জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰকল্প বিষয়া নমল সিং বৰগয়াৰি, ডি চি এম সঞ্জীৱ কুজুৰৰ লগতে আন আন স্বাস্থ্য কৰ্মীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ক`ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আশা, এএন এমসকলে ঘৰে ঘৰে গৈ ১-১৯ বছৰ পৰ্যন্ত সকলো ল’ৰা-ছোৱালীৰ মাজত পেলু প্ৰতিষেধক বিতৰণ কৰিব।

Comments (0)
Add Comment