ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত

ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়ত কালি পোন প্ৰথমবাৰৰ বাবে ৰক্তদন শিবিৰ অনুষ্ঠিত হয়। জিলা অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংক আৰু ৰেড ক্ৰছ চছাইটিৰ উদ্যোগত এই শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰৰ জৰিয়তে ৫ ইউনিট তেজ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পৰবৰ্তী পৰ্যায়ত প্ৰতিমাহে এই শিবিৰ অনুষ্ঠিত কৰা হ’ব আৰু যাৰ জৰিয়তে ৰোগীসকল যথেষ্ট উপকৃত হব। এতিয়াৰেপৰা কোনো ৰোগী চিকিৎসালয়খনত তেজৰ অভাৱত বিপদত পৰিবলগীয়া নহয়। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ৭ডিচেম্বৰত বি টি চি ৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰীয়ে ব্লাড বেংকটো ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিছিল।

Comments (0)
Add Comment