কংগ্ৰেছে ভাওনাৰ আধাৰত প্ৰথমটো বিজ্ঞাপন উন্মোচন কৰিলে

অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে আজি অসমীয়া থলুৱা সংস্কৃতিৰ আধাৰত প্ৰথমটো ভিডিঅ’ বিজ্ঞাপন উন্মোচন কৰিছে। আজি প্ৰথমটো বিজ্ঞাপন সামাজিক মাধ্যমত উন্মোচন কৰাৰ কেইবা মুহুৰ্তৰ ভিতৰতে ১০ লাখৰো অধিক দৰ্শক লাভ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৈষ্ণৱ ধৰ্মীয় অনুভূতি পুষ্ট ভাওনা আৰু সংগীতৰ আধাৰত নিৰ্মিত এই ভিডিঅ’টিয়ে অসমীয়াৰ আবেগ অনুভূতিক প্ৰতিফলিত কৰিছে।
অসমৰ সমগ্ৰ গাওঁতে ভাওনা অনুষ্ঠিত কৰা হয়। এই ভিডিঅ’ বিজ্ঞাপনত ভাওনা, সংগীতৰ পৰম্পৰাগত সুৰে অসমীয়া মানুহক নিজৰ কণ্ঠ প্ৰতিষ্ঠা কৰিবলৈ সাহস যোগাব। এই ভিডিঅ’টিয়ে জনবিৰোধী কা আইনৰ বাবে যিসকল খিলঞ্জীয়া অসমীয়াই নিজৰ জাতীয় অস্তিত্ব সংকটত ভূগি আছে, তেওঁলোকক এক ডাঙৰ সকাহ দিব। এই ভিডিঅ’টিয়ে দেখুৱাইছে যে কংগ্ৰেছে সমগ্ৰ অপশক্তি আৰু সাম্প্ৰদায়িক ষড়যন্ত্ৰক ওফৰাই পেলাব, কিয়নো কংগ্ৰেছে অসমত শান্তি-সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত ৫ গেৰাণ্টি লৈ আহিছে।

Comments (0)
Add Comment