কটন বিশ্ববিদ্যালয়ে হেণ্ড ছেনিটাইজাৰৰ প্ৰস্তুত কৰি উলিয়াইছে

ক’ৰণা ভাইৰাছৰ আতংক বৃদ্ধি পোৱা সমান্তৰালভাৱে মহানগৰীৰ বজাৰত হেণ্ড ছেনিটাইজাৰৰ গুৰুত্ব বাঢ়িছে।অনুৰূপভাৱে বজাৰত হেণ্ড ছেনিটাইজাৰৰ নাটনি হোৱা পৰিলক্ষিত হৈছে।
 
 
 
ইয়াৰ মাজতে কটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰীৰ বাবে হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে ।
 
 
 
বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামীৰ তত্বাৱধানত ৰসায়ন বিজ্ঞান বিভাগৰ ডক্টৰ সংগীতা আগৰৱালা, গৱেষক ছাত্ৰ হীৰেন নাথ, অমল দাস, বিদ্যুৎ দাস, প্ৰণয় শৰ্মাৰ সহযোগিতাত হেণ্ড ছেনিটাইজাৰৰ বিধ প্ৰস্তুত কৰি উলিয়াইছে।কালি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, পঞ্জীয়কৰ উপস্থিতত আনুষ্ঠানিক ভাৱে হেণ্ড চেনিটাইজাৰ বিধ  মুকলি কৰে।

Comments (0)
Add Comment