কালিলৈ আঁহতগুৰিত ম’হ যুঁজ অনুষ্ঠিত হ’ব

ভোগালী বিহুৰ পূৰ্বৰ পৰম্পৰাক সন্মান জনাই কালি মধ্য নগাঁৱৰ আঁহতগুৰিত ম’হ যুঁজ অনুষ্ঠিত হ’ব ।এই ম’হৰ যুঁজ পাতিব ম’হ পালক সমিতিয়ে।উল্লেখযোগ্য যে উচ্চ ন্যায়ালয়ে যুঁজ বৰ্জন কৰিবলৈ কঠোৰ নিৰ্দ্দেশনা জাৰি কৰিছিল  যদিও ম’হ পালক সকলে বিভিন্ন কাৰণবশত: ম’হৰ যুঁজ অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে।স্মতৰ্ব্য যে যুঁজৰ পৰা ম’হক আতৰাই ৰাখিলে বহুসময়ত পিতনিত মেলি দিয়া অৱস্থাত নিজে নিজে যুঁজি ক্ষত বিক্ষত হয়।সেয়েহে একাংশ ম’হ পালকে পূৰ্বে অনুষ্ঠিত কৰা পথাৰলৈ নি ম’হৰ যুঁজ অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে ।

Comments (0)
Add Comment