কেইটামান ভাল খবৰ

অসমৰ ইতিহাসত লিপিবদ্ধ হ’ল আজিৰ বিশেষ দিনটো। পোন প্ৰথম বাৰৰ বাবে চৰকাৰী পৃষ্ঠাপোষকতাত শ্বহীদ সাংবাদিক পৰিয়ালে পালে কিছু আৰ্থিক সাহাৰ্য্য। অসমৰ বিভিন্ন প্ৰান্তৰ ৩২ গৰাকী শ্বহীদ সাংবাদিকৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহাৰ্য্য প্ৰদান কৰিলে। তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে যে, সাংবাদিকসকলে সমাজত জনমত গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ সংবাদ মাধ্যমত অতি শক্তিশালী। সাংবাদিকৰ ইতিবাচক লিখনিয়ে সমাজখনক সুস্থ ভাৱে আগবঢ়ায় নিয়াত যথেষ্ট সহায় কৰে।
সেয়েহে সাংবাদিকসকলে কেতিয়াও সমালোচনা মূলক লিখনি আগবঢ়াবলৈ কুণ্ঠাবোধ কৰিব নালাগে। শ্বহীদ সাংবাদিকসকলে যি ত্যাগ কৰিলে সেই ত্যাগৰ বাবেহে আমি এনেদৰে আমি এখন সুস্থ সমাজত থাকিবলৈ সক্ষম হৈছো। গণতন্ত্ৰৰ চাৰিটা স্তম্ভে যৌথভাৱে কাম কৰিলে নিশ্চয়কৈ ফলৱৰ্তী হ’ব। চৰকাৰখনে আগন্তুক দিনত সাংবাদিকৰ বাবে বহুতো আঁচনি হাতত লোৱা পৰিকল্পনা আছে। বিশেষকৈ সাংবাদিকসকলৰ “জীৱন বীমা”ৰ বিষয়টো বৰ্তমান বিবেচনাধীন হৈ আছে। উল্লেখ্যযোগ্য যে আজিৰ অনুষ্ঠানত কমলা শইকীয়া, কুনৰমল আগৰৱাল, ৰত্নেশ্বৰ শৰ্মা শাস্ত্ৰী, বিমলা প্ৰসাদ তালুকদাৰ, প্ৰকাশ হাজৰিকা, দীনেশ্বৰ ব্ৰহ্ম, অনিল মজুমদাৰ, আলফৰিদ ছাজ্জাদ, বড়োছা নাৰ্জাৰী, দীপক স্বৰ্গীয়াৰী, প্ৰহ্লাদ গোৱালা, হৰিচন্দ বড়ো, হেমন্ত শৰ্মা, ইন্দ্ৰ মোহন হাকাচাম, জগজিৎ শইকীয়া, জীতেন চুতীয়া, যোগেন্দ্ৰ দৈমাৰী, যোগেশ উজীৰ, মুছলিম উদ্দিন, মাণিক দেউৰী, কৌশিক চন্দ্ৰ বৰা, কৃষ্ঞ চেত্ৰী, ৰণবীৰ ৰাম, পবিত্ৰ নাৰায়ণ, নুৰুল হক, ৰায়হানু নাইম, অংকুৰ বৰবৰা, পাঞ্জাতান আলী, গিৰিজা দাস মণিকণ দাসৰ পৰিয়ালবৰ্গক ৫ লাখ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য্য আগবঢ়ায়। অনুষ্ঠানত মেডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, জয়ৰাম ইংলে, অতিৰিক্ত সচিব এ কে সিং, জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
আনহাতে আজি প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌৱা উপস্থিত হৈ এক সংবাদ মেল আয়োজন কৰে। সংবাদ মেলত তেখেতে মন্তব্য কৰে যে-এন. আৰ.চি কাম যথেষ্ট অগ্ৰগতিত আগবাঢ়িছে। অহা ৩১ ডিচেম্বৰত যদিও এন.আৰ.চি খচৰা প্ৰস্তুত হ’ব তাত কোনো বৈধ নাগৰিকৰ নাম সন্নিবিষ্ট নহ’লে চিন্তা কৰাৰ কোনো বিষয় নহয়,পৰৱৰ্তী পৰ্য্যায়ত সকলোবোৰ বিবেচনা কৰা হ’ব। সীমান্ত সুৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক ইতিমধ্যে দায়িত্ব দিয়া হৈছে।
 
ইফালে আজিৰে পৰা ২ জানুৱাৰীলৈ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হৈছে ৩১ তম্ গুৱাহাটী গ্ৰন্থমেলা। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মেডিয়া উপদেষ্টা হৃষিকেশ গোস্বামীয়ে মন্তব্য কৰে যে গ্ৰন্থ আন্দোলনৰ অস্ত্ৰ হ’ব নালাগে। গ্ৰন্থ হ’ল মৰু উদ্যান গ্ৰন্থই মানুহৰ মনৰ অজ্ঞানতা, মলিনতা দূৰ কৰি সুস্থ সমাজ গঠনত সহায় কৰে। প্ৰথমবাৰৰ বাবে অসম প্ৰকাশন পৰিষদে প্ৰৱেশ বিনামূলীয়াকৈ গ্ৰন্থমেলা আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে। অনুষ্ঠানত অসম প্ৰকাশ পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে-সকলো জাতি জনগোষ্ঠীৰ সাহিত্য প্ৰেমী সকলক আগবঢ়ায় নিবলৈ ৪০ বছৰৰ তলৰ সাহিত্যিক সকলৰ এক অনুষ্ঠান আয়োজন কৰা হৈছে। লগতে এক কাব্যনুষ্ঠানত আয়োজন কৰা হ’ব বুলি মন্তব্য কৰে। অনুষ্ঠানত ৪০ খনৰো অধিক গ্ৰন্থ উন্মোচন হয়। আৰু সাহিত্যিক অতুলানন্দ গোস্মামীক জীৱন জোৰা সাহিত্য বঁটা প্ৰদান কৰা হয়। উদ্বোধনী অনুষ্ঠানত সুমন্ত চলিহা উপাধ্যক্ষ অসম ‌প্ৰকাশন পৰিষদ, শ্ৰীলংকাৰ সাহিত্যিক দেশমান্য জয়াৰত্ন বি দিশানায়ক উপস্থিত থাকে।
Comments (0)
Add Comment