গণৰাজ্য দিৱস পালন

সমগ্ৰ দেশৰ লগতে অসমতো উলহে মালহে উদযাপিত হ’ল ৬৯ তম গণৰাজ্য দিৱস। মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। পাতাকা উত্তোলন কৰি ৰাজ্যপাল গৰাকীয়ে সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে দেশৰ সংবিধান প্ৰণেতা সকলক শ্ৰদ্ধাৰে সোঁৱৰণ  কৰে। ইয়াৰ পিছত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন চৰকাৰী কাৰ্য্যপন্থাৰ সৰ্ম্পকে খাতিয়ান দাঙি ধৰে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানতে তথ্য  আৰু জনসংযোগ বিভাগে কনকসেন ডেকালৈ সাংবাদিকতা বঁটা আগবঢ়ায়। উল্লেখযোগ্য যে এই অনুষ্ঠানত অসম আৰক্ষীয়ে নানা দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰে।

Comments (0)
Add Comment