সমগ্ৰ দেশৰ লগতে অসমতো উলহে মালহে উদযাপিত হ’ল ৬৯ তম গণৰাজ্য দিৱস। মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। পাতাকা উত্তোলন কৰি ৰাজ্যপাল গৰাকীয়ে সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে দেশৰ সংবিধান প্ৰণেতা সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ইয়াৰ পিছত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন চৰকাৰী কাৰ্য্যপন্থাৰ সৰ্ম্পকে খাতিয়ান দাঙি ধৰে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানতে তথ্য আৰু জনসংযোগ বিভাগে কনকসেন ডেকালৈ সাংবাদিকতা বঁটা আগবঢ়ায়। উল্লেখযোগ্য যে এই অনুষ্ঠানত অসম আৰক্ষীয়ে নানা দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন