গান্ধী দৰ্শনৰ কিছু কথাৰে

আজি ২ অক্টোবৰ। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন। দেশৰ স্বাধীনতা আন্দোলনত সমূহ জনসাধাৰণক একত্ৰিত কৰি ব্ৰিটিছৰ শাসনক ওফৰাবলৈ সক্ষম হোৱা মহামানৱ গৰাকীৰ সমগ্র জীৱন আছিল দেশবাসীৰ বাবে উসৰ্গিত। লণ্ডনত বেৰিষ্টাৰ ডিগ্ৰী গ্ৰহণ কৰিও আইনত মনোনিবেশ কৰা নাছিল।
তেখেতৰ চিন্তা আৰু দৰ্শনত প্ৰতিফলিত হৈছিল আশাবাদৰ এক মিছাইল।তেখেতৰ মতে হৈছে শ্ৰদ্ধা অৰ্থ হৈছে আত্মবিশ্বাস।আৰু আত্মবিশ্বাস থাকে ঈশ্বৰ সেৱা মাজত।তেখেতে কৈছিল ক্ষমা হ’ল মানৱ জীৱনৰ আটাতকৈ ডাঙৰ গুণ। লগতে কৈছিল জ্ঞান যিমানেই বিলোৱা হয় সিমানেই বিস্তৃত হয়।
গান্ধীজীৰ মতে পৃথিৱীখন সলনি কৰিবলৈ যোৱা আগতে নিজকে সলনি কৰা উচিত। হিংসা পথত গৈ আপুনি অধিকাৰ প্ৰাপ্তি কৰিব নোৱাৰে। গান্ধীজী মতে আপোনাৰ ভৱিষ্যত আপোনাৰ চিন্তা কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে ।জীৱনৰ সফলতা মন্ত্ৰ সম্পৰ্কে তেখেতে কৈছিল ধৈৰ্য, একাগ্ৰতা আৰু সংগ্ৰামৰ মাজেৰে যি সফলতা পোৱা যায় তাতে প্ৰাপ্তি লুকাই থাকে। মহামানৱ মহাত্মা গান্ধীৰ ডেৰশবছৰীয়া জন্ম জয়ন্তীত এন ই ফ’কাচ ডট কমৰ পৰিয়ালে শ্ৰদ্ধাৰে সুৱঁৰিছো।

Comments (0)
Add Comment