গুৱাহাটীত ই ৰিক্সাৰ শ্ব’ৰূম মুকলি

অসম আটাইতকৈ পুৰণি উদ্যোগিক প্ৰতিষ্ঠান নেজ’ন গ্ৰুপে সোমবাৰে গুৱাহাটীত মুকলি কৰে ইয়াৰ প্ৰথম স্থানীয়ভাবে নিৰ্মাণ কৰা ই- ৰিক্সাৰ শ্ব’ৰুম। ইলেকট্ৰনিক বাহন নিৰ্মাণৰ কাৰখানা উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰা প্ৰথমটো প্ৰতিষ্ঠান হৈছে নেজ’ন। সোমবাৰে মুকলি কৰা শ্ব’ৰুমত উপলব্ধ হ’ব ই-ৰাজা নামৰ ই-ৰিক্সা খন।

এই কাৰখানাটোত ই- ৰিক্সাৰ লগতে ইলেকট্ৰনিক লোডাৰ, ইলেকট্ৰনিক ভেন্দিং কাৰ্ট, ইলেকট্ৰনিক গাৰবেজ বাহনো নিৰ্মাণ কৰা হ’ব। পশ্চিম বৰাগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত মুকলি কৰা শ্ব’ৰুমটোত এই বাহন উপলব্ধ হ’ব। এই সকলোবোৰ বাহন ই-ৰাজা নামৰ ব্ৰেণ্ডত উপলব্ধ হ’ব। ই-ৰাজাৰ প্ৰথমটো কোম্পানী শ্ব’ৰুম সোমবাৰে মুকলি কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মনালিছা গোস্বামীয়ে। এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহা প্ৰবন্ধক পি ভি এছ এল এন মুৰ্ত্তি।

এই বাহনখনৰ বডি নিৰ্মাণ কৰা হৈছে অত্যন্ত শক্তিশালী এইছ ডি পিৰে। তদুপৰি এই বাহনখন ইউ ভি ষ্টেবিলাইছডৰ সৈতে Water Proof, Fade Proof, অগ্নিপ্ৰতিৰোধী।

তদুপৰি ই-ৰাজা, ই- গাৰবেজ ভান হৈছে হাইড্ৰলিক ডাম্পাৰ যিখনৰ আকাৰ যথেষ্ট সৰু আৰু মহানগৰীৰ ঠেক পথসমূহতো সোমাই সহজে জাবৰ সংগ্ৰহ কৰিব পাৰিব। এই বাহনখন সহজে পৰিস্কাৰ কৰিব পাৰি আৰু মামৰ মুক্ত।

একেদৰে ই-ৰাজা, ই-ভেণ্ডিং কাৰ্টৰ সহায়ত এঠাইৰ পৰা আনঠাইলৈ সহজে বস্তু কঢ়িয়াব পাৰিব আৰু পদপথৰ ব্যৱসায় সকল অধিক লাভাম্বিত হ’ব। তদুপৰি এই বাহনসমূহ অৱস্থিতি সংশ্লিষ্ট কতৃপক্ষই সহজে নিৰ্ধাৰণ কৰিব পাৰিব। কিয়নো এই  বাহনসমূহ জি এম চিত পঞ্জীয়ন কৰিব লাগিব।

Comments (0)
Add Comment