গুৱাহাটীত য়ুহ’ ম’বাইলৰ স্মাৰ্টফোন মুকলি‌‌‌‌

গুৰুগ্ৰাম, হাৰিয়ানাৰ চাইনিজ ম’বাইল ফোন কোম্পানীয়ে আজি গুৱাহাটীৰ কিৰণশ্ৰী হোটেলত শেহতীয়া স্মাৰ্টফোন মুকলি কৰে। মুকলি অনুষ্ঠানত কোম্পানীটোৰ বিজিনেছ হেড, ডিষ্ট্ৰিবিউচন ছেলছ ৰাজীৱ তিৱাৰীয়ে কয় যে, গুৱাহাটীৰ ম’বাইল ডিষ্টিবিউটৰ অৰিয়ণ ইনফট্ৰনিক্সৰ সৈতে অংশীদাৰীভাৱে তিনিটা নতুন মডেল – ৱাই-ৱান, এইচ-ৱান আৰু ইউ-ৱান উত্তৰ পূৰ্বাঞ্চল বজাৰত মুকলি কৰে। উত্তৰ পূৰ্বাঞ্চলত কোম্পানীটোৱে স্মাৰ্টফোন মুকলি কৰি আনন্দ প্ৰকাশ কৰে। গ্ৰাহকসকলে নিকটৱৰ্তী বিপনীৰপৰা উক্ত স্মাৰ্টফোন ক্ৰয় কৰিব পাৰে। সৰ্বোত্তম  ফৰ-জি সেৱাৰ সুবিধা উপভোগ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে বুলি প্ৰকাশ কৰে ৰাজীৱ তিৱাৰীয়ে।

উন্মোচনৰ সময়ত সাংবাদিকক সম্বোধন কৰি ম’বাইল মহাপ্ৰৱন্ধক মাইকেলে কয় যে, বাণিজ্যিক উদ্দেশ্য হৈছে সঠিক সময়ত, সঠিক দামত যোগান ধৰা আৰু শক্তিশালী বাণিজ্যিক সম্পৰ্ক ৰক্ষা কৰা। বজাৰ দখল কৰাৰ পৰিৱৰ্তে কোম্পানীয়ে গুৰুত্ব দিব দুটা মাধ্যমৰে যাতে দীৰ্ঘস্থায়ীভাবে সুনাম লাভ কৰিব। সেয়া হৈছে খুচুৰা ব্যৱসায়ী আৰু গ্ৰাহক। অনলাইন আৰু অফলাইন মাধ্যমৰে শক্তিশালী বাৰ্তা প্ৰেৰণৰে ৱাই-অ বৃদ্ধি ২৫ শতাংশ স্পৰ্শ কৰিব বুলি মাইকেলে কয়। আজি মুকলি কৰা ম’বাইল ফোনটোৰ দাম হৈছে ৬ হাজাৰ টকাৰ পৰা ১৫ হাজাৰ টকা পৰ্য্যন্ত। দীঘলীয়া বেটাৰী লাইফ, এপচৰ ৱান টাচ্ছ একচেছ, বিশেষ গোপনীয়তাৰ সুবিধা আৰু সুৰক্ষা প্ৰদানকাৰী বেক ক’ভাৰ যিয়ে নভঙাৰ নিশ্চিত কৰে। প্ৰিমিয়াম কোৱালিটিৰ এই ফোন আহিছে ১ জিবি, ২ জিবি আৰু ৩ জিবি ৰেমৰ সৈতে। কোম্পানীয়ে গ্ৰাহসকলক ৫৫৫ দিনৰ সেৱাৰ ৱাৰেণ্টি প্ৰদান কৰিছে।

Comments (0)
Add Comment