গুৱাহাটী চিটী এফ চিৰ জাৰ্ছী মুকলি

গুৱাহাটী চিটী এফ চিৰ প্ৰথম আনুষ্ঠানিক জাৰ্ছী আজি নেহৰু ষ্টেডিয়ামৰ চেম্পিয়ন্স ফুড ক’ৰ্টত উন্মোচন হয়।চেম্পিয়ন্স ফুড ক’ৰ্টৰ স্বত্বাধিকাৰী কুলজিত বৰ্মন উপস্থিত থকা অনুষ্ঠানটোত মুখ্য প্ৰশিক্ষক ৰংমন দাসে ক্লাবৰ ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে ব্যক্ত কৰি কয় যে ক্লাবৰ অনুৰ্ধ ২১ দলে কাইলৈৰপৰা জি এছ এ চি ডিভিজনত অংশলৈ প্ৰথমবাৰলৈ আনুষ্ঠানিক প্ৰতিযোগিতামূলক ফুটবলৰ অধ্যায় আৰম্ভ কৰিব।২০১৭চনৰ পৰা জন্মলগ্নৰেপৰা তৃণমূল পৰ্য্যায়ৰ উন্নয়নত মনোনিৱেশ কৰি অহা ক্লাবটোৱে ইতিমধ্যে অসমৰ প্ৰথম সংগঠিত যুৱ লীগ গ্ৰেটাৰ গুৱাহাটী বেবী লীগ অনুষ্ঠিত কৰিছে আৰু আজাৰা, ৰৌতা, গোৰেশ্বৰ বিভিন্ন স্থানত ফুটবল স্কুল স্থাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।লগতে ক্লাবৰ য়ুুথ একাডেমীৰ অধীনত ২৩গৰাকী যুৱ খেলুৱৈক আৱাসিক প্ৰশিক্ষণ দি থকা হৈছে ।অহা বছৰ য়ুুথ আই লীগত যোগদানৰ প্ৰস্তুতি চলোৱা জি ডি এফ চিতে নিজৰ যুৱ দলসমূহৰ পৰা অহা ৫বছৰৰ ভিতৰত ছিনিয়ৰ দল গঠনৰ লক্ষ্য বান্ধি লৈছে যাতে দেশৰ শীৰ্ষ লীগত অসমৰ প্ৰতিনিধিত্ব কৰিব পাৰি।অনুষ্ঠানত জি চি এফ চিৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ।

Comments (0)
Add Comment