গুৱাহাটী বিশ্ববিদ্যালয়ত তেজস্বী ভাৰত শীৰ্ষক প্ৰেৰণামূলক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয় বাণিজ্য প্ৰশাসন বিভাগ আৰু ছাত্র কল্যাণ সঞ্চালকালয় তথা বিবেকানন্দ কলা আৰু সাংস্কৃতিক কেন্দ্ৰ গুৱাহাটীৰ সহযোগত ২৯ এপ্ৰিলত ‘তেজস্বী ভাৰত’ শীৰ্ষক এক প্ৰেৰণামূলক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় । GUIST ৰ সভাক্ষত অনুষ্ঠিত বক্তৃতানুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈয়ে অনুষ্ঠানটো বন্তি প্ৰজ্বলেনেৰে উদ্ধোধন কৰি কয় যে ভাৰতবৰ্ষৰ সাহিত্য ,কলা আৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব সহকাৰে অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে আৰু নৱপ্ৰজন্মক এই ক্ষেত্ৰত উদ্যোগ লবলৈ আহ্বান জনায় । বিশ্ববিদ্যালয়খনৰ বাণিজ্য প্ৰশাসন বিভাগৰ সহকাৰী অধ্যাপক ডঃ সমীৰ চৰকাৰে আঁত ধৰা অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে আদৰণি ভাষণ আগবঢ়াই অনুষ্ঠানটোৰ সম্পৰ্কে সংক্ষিপ্ত ধাৰণা আগবঢ়ায়।
অনুষ্ঠানৰ মুখ্য বক্তা হিচাপে স্বামী গোবিন্দ দেৱ গিৰী মহাৰাজে তেওঁৰ “তেজস্বী ভাৰত” শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে আৰু স্বামী বিবেকানন্দৰ দৰ্শনৰ ওপৰত আলোকপাত কৰি লগতে তেখেতে ভাৰতীয় সভ্যতা সংস্কৃতিৰ আৰু অতীজৰ উদ্ভাৱনীমূলক চিন্তাৰ বিশ্লেষণনাত্মক দৃষ্টিৰে যুৱক সকলক একত্র হৈ শান্তিপূৰ্ণভাবে উৎসাহেৰে সৈতে কাম কৰিবলৈ আহ্বান জনায়।অনুষ্ঠানত উপস্থিত থাকে বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মৃণালীনী পাঠক কাকতি, শিক্ষাক- শিক্ষয়িত্ৰী বিষয়া আৰু এন এছ এছ স্বেচ্ছাসেৱক প্ৰায় ১৫০ জন । অনুষ্ঠানৰ অন্তত সকলোকে শলাগৰ শৰাই আগবঢ়ায় বাণিজ্য প্ৰশাসন বিভাগৰ ছাত্ৰ যশোজিৎ শৰ্মা মজুমদাৰে।

Comments (0)
Add Comment