ছদ্মবেশী উন্মোচন

গুজৰাটৰ বৰোডা নিবাসী অসমীয়া গল্পকাৰ তুলিকা দেৱী নাথৰ প্ৰথম গল্পপুথি ছদ্মবেশী কালি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়।প্ৰতিশ্ৰুতি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ছদ্মবেশী উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডক্টৰ জগদীশ পাটগিৰিয়ে।উন্মোচনী ভাষণত পাটগিৰিয়ে গল্পকাৰ তুলিকা দেৱী নাথক শুভেচ্ছা জ্ঞাপন কৰি আমাৰ মাটিৰ সুবাসেৰে সুবাসিত হৈ গুজৰাটৰ বৰোডাৰ দৰে ব্যস্ততাপূৰ্ণ চহৰত সাহিত্য চৰ্চা কৰাৰ বাবে শলাগ লয়।প্ৰতিশ্ৰুতি আলোচনীৰ সম্পাদক প্ৰণৱ জ্যোতি নদীয়ালে আঁত ধৰা উন্মোচনী অনুষ্ঠানত গল্প ভাস্কৰ ৰিজু হাজৰিকা, চিন্তাবিদ ময়ুৰ বৰা, বানেশ্বৰ নাথ,সম্পাদক বিপুল শৰ্মা,অবিনাশ শৰ্মা উপস্থিত থাকি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।

Comments (0)
Add Comment