জামুগুৰিহাটত বান পিড়িত লোকসকলক খাদ্য সামগ্ৰী প্ৰদান চতিয়া খণ্ড উন্নয়ন বিষয়া পলক শৰ্মাৰ

জামুগুৰিহাটৰ বাপুজী ভৱনৰ প্ৰাঙ্গনত প্ৰায় ২৭ ঘৰ বান পিড়িত লোকে আশ্ৰয় লৈ আছে । সেই বান পিড়িত পৰিয়ালক চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত নদুৱাৰ ৰাজহ চক্ৰৰ সহযোগত এক শিবিৰৰ আয়োজন কৰি আজি চতিয়া খণ্ড উন্নয়ন বিষয়া পলক শৰ্মাই কিছু খাদ্য-সামগ্ৰী প্ৰদান কৰে । উক্ত শিবিৰত নদুৱাৰ মণ্ডলৰ সভাপতি জয়ন্ত বৰা, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং, কনিষ্ঠ অভিযন্তা অভিজিৎ ভট্টাচাৰ্য্য, জামুগুৰি নগৰ সমিতিৰ পৌৰপতি পল্লৱীতা শৰ্মা, বৰভগীয়া জিলা পৰিষদৰ সদস্যা পলি চুটীয়া, নদুৱাৰ ব্লকৰ কম্পিউটাৰ সহকাৰী কাকুল বৰুৱাৰ লগতে বহুকেইজন গন্য-মান্য ব্যক্তি উপস্থিত থাকে ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment