ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

অসমীয়া ভাষাক লৈ সততে বাক বিতণ্ডা চলি আহিছে।অফিচ কাছাৰী সকলোতে ইংৰাজী ভাষা ব্যৱহাৰ কৰাৰ ক্ষেত্রত জনসাধাৰণ বহু সমস্যাৰ সন্মুখীন হৈছে।নৱবৰ্ষৰ প্ৰথমটো সপ্তাহতে আন এক সুখবৰে বাতৰিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।বৃহস্পতিবাৰে ডিব্ৰুগড় আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ অভিজিৎ কুমাৰ বৰুৱাই আদালতৰ সকলো কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।চৰকাৰী ভাষা আইন অনুসৰি কাৰ্যালয়ৰ সকলো কাম কাজ যেনে দৰ্খাস্ত,টোকা আদিত যথাসম্ভৱ অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।ডিব্ৰুগড়ৰ দণ্ডাধীশৰ এই আদৰ্শ নিশ্চয়কৈ লেখত ল’বলগীয়া।

Comments (0)
Add Comment