থলুৱা খাদ্যক লৈ গৱেষণা অসমীয়া অধ্যাপিকাৰ

আমাৰ থলুৱা খাদ্য সম্ভাৰৰ এক বিশেষত্ব আছে। বিশেষত্ব থকাৰ বাবে, যুগ যুগ ধৰি থলুৱা খাদ্য সম্ভাৰৰ জনপ্ৰিয়তা ম্লান হোৱা নাই।এই কথাক সত্য বুলি প্ৰমাণিত কৰিছে অসম কৃষি বিদ্যালয়ৰ অধ্যাপিকা মধুমিতা বৰুৱাই। উল্লেখযোগ্য যে তেখেতে ২০০৭ চনৰ পৰা থলুৱা খাদ্য সম্ভাৰৰ সন্দৰ্ভত গৱেষণা আৰম্ভ কৰিছে। এই ক্ষেত্ৰত ৫ জন ছাত্ৰ- ছাত্ৰীয়ে তেখেতক সহযোগ কৰিছে। মধুমিতা বৰুৱাই এই বিষয়ে Nefocus.com ৰ আগত এনেদৰে কয়- থলুৱা খাদ্য সম্ভাৰ যেনে পইতাভাত, খৰিছা, সাজপানী, শুকতি আদিত যথেষ্ট পুষ্টিকাৰিতা গুণ আছে।

এইবোৰ প্ৰকাশ পাইছে আমাৰ গৱেষণাৰ পত্ৰত। গৱেষণাৰ পত্ৰত ফাদিল হোৱা তথ্যৰ ভিত্তিত থলুৱা পনীয় সাজপানীৰ এটা কোম্পানী শীঘ্ৰে যোৰহাটত আৰম্ভ হ’ব। আন এবিধ থলুৱা খাদ্য পইতাভাতৰ সম্পৰ্কত গৱেষিকা গৰাকীয়ে কয় যে পইতাভাত মধূমেহ ৰোগীৰ বাবে এবিধ উত্তম খাদ্য। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই যদি সহযোগ কৰে, নিশ্চয়কে বিশ্বদৰবাৰত থলুৱা খাদ্যক প্ৰতিষ্ঠা কৰিবলৈ বেছি সময় নালাগিব।

থলুৱা খাদ্য সম্ভাৰক প্ৰাধান্য দি গৱেষণাৰে ন ন তথ্য দাঙি ধৰা মধুমিতা বৰুৱাক Nefocus.com ফালৰ পৰা বহু অভিনন্দন জনালো।

Comments (0)
Add Comment