দিনটোৰ দুটা গুৰুত্ত্বপূৰ্ণ খবৰ

আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীত আজিৰে পৰা দুদিনীয়াকৈ এখনি প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্য্যসূচীৰ আয়োজন কৰিছে। প্লাজমা তথ্যপ্ৰযুক্তি আৰু নিউক্লিয়াৰ শক্তিৰ সম্পৰ্কত অনুষ্ঠিত কৰা প্ৰশিক্ষণলানিত উত্তৰ-পূৱৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ৫৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে এই প্ৰশিক্ষণ কাৰ্য্যসূচী শুক্ৰবাৰে অন্ত পৰিব।


 

‘যক্ষ্মা ৰোগৰ চিকিৎসা আছে। সঠিক সময়ত নিয়মিত ঔষধ সেৱনৰ দ্বাৰা এই ৰোগৰ পৰা আৰোগ্য লাভ কৰা সম্ভৱ।’—এই মন্তব্য যক্ষ্মা ৰোগৰ বিশেষজ্ঞ ডাঃ এন জে দাসৰ। ইউ এচ এ ডি আৰু ৰিছৰ সহযোগত সংবাদ-মাধ্যমৰে অনুষ্ঠিত কৰা এক কৰ্মশালাত উপস্থিত থাকি মন্তব্য আগবঢ়ায়। যক্ষ্মা ৰোগ প্ৰতিৰোধ তথা জনসাধাৰণৰ মাজত সজাগতা অনাৰ ক্ষেত্ৰত সংবাদ-মাধ্যমৰ ভূমিকা সম্পৰ্কত কৰ্মশালাখনত বিস্তৃতভাৱে আলোচনা কৰা হয়। আনহাতে ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ সম্পূৰ্ণ নিৰ্মূল কৰা এক মিচন হিচাপে লোৱা হৈছে বুলি WHOৰ পৰামৰ্শদাতা ধ্ৰুৱ জ্যোতি ডেকাই জানিবলৈ দি কয় যে, ইতিমধ্যে গোৱালপাৰা, কোকোৰাঝৰ, ডিমা হাছাও জিলাত যক্ষ্মা ৰোগীৰ বাবে ভ্ৰাম্য চিকিৎসা ভানৰ ব্যৱস্থা কৰা হৈছে।

পৰৱৰ্তী সময়ত গ্ৰাম্যঞ্চল, চৰ অঞ্চলসমূহতো সেৱা আগবঢ়োৱা হ’ব। যক্ষ্মা মুক্ত চাহ বাগিচাৰ অঞ্চল হিচাপে স্বীকৃতি পোৱা নগাওঁ জিলাৰ ননৈ চাহ বাগিচা অন্যতম। এই ক্ষেত্ৰত আমাৰ পদক্ষেপ কিছু হ’লেও সফল হৈছে বুলি মন্তব্য কৰে ধ্ৰুৱ জ্যোতি বৰাই। অসমৰ বিভিন্ন সংবাদ-মাধ্যমৰ ২০গৰাকীৰো অধিক সাংবাদিকে অংশগ্ৰহণ কৰা কৰ্মশালাখনত ড০ জয় লক্ষ্মী শ্ৰীধৰে কয় যে, চৰকাৰে যক্ষ্মা ৰোগৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত সংবাদ-মাধ্যমৰ সহযোগিতা অত্যন্ত আৱশ্যকীয়। জানিব পৰা মতে, যক্ষ্মা ৰোগী সকলৰ বাবে অতি শীঘ্ৰে Software devloping device মুকলি কৰা হ’ব। কৰ্মশালাখনত ৰিছৰ অনুপ জ্যোতি কলিতাকে ধৰি আন বহুকেইজন ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment