দীপাৱলীৰ উপলক্ষে চাকি বিতৰণ কৰিলে ভাৰতীয় জনতা যুৱ মৰ্চাই

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভোকেল ফৰ লোকেল বাণীক সাৰোগত কৰি স্থানীয় মৃৎশিল্পীৰ  জীৱিকা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সকাহ দিয়া আৰু উৎসাহ যোগোৱাৰ উদ্দেশ্যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ উদ্যোগত আৰু যুৱ মৰ্চা,গুৱাহাটী মহানগৰৰ সহযোগত পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাইজৰ মাজত ২৫ হাজাৰ চাকি কমাৰ্চ পইণ্টত বিতৰণ কৰে।
 
 
উক্ত অনুষ্ঠানত উপস্থিত থাকি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে দীপাৱলীৰ শুভেচ্ছা জনায় কয় যে মৃৎশিল্পীক পুনৰুজ্জীৱিত কৰিবলৈ উৎসাহ উদ্দীপনা যোগোৱা বাবে যুৱ মৰ্চাই বিগত পাঁচ বছৰ ধৰি মাটিৰ চাকি বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
এই কাৰ্য্যসূচীত উপস্থিত থাকি সাংসদ কুইন ওজাই যুৱ মৰ্চাৰ এই পদক্ষেপক শলাগ লয়।অনুষ্ঠানত বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মৃগেন শৰণীয়াৰ লগতে যুৱ মৰ্চাৰ ৰাজ্যিক বিষয়া আৰু জিলাৰ কাৰ্যকর্তাসকল উপস্থিত থাকে।

Comments (0)
Add Comment