দুটা খবৰ

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী বৃহত্তৰ যোৰাবাট অঞ্চলৰ পৰা সদ্যঘোষিত হাইস্কুল‌শিক্ষান্ত পৰীক্ষাত ৮০ শতাংশ নম্বৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৭ গৰাকী মেধাৱী শিক্ষাৰ্থীক যোৰাবাট আৰক্ষী চকীৰ যান বাহন শাখাৰ উদ্যোগত পহিলা জুনত আৰক্ষী চকী প্ৰাঙ্গনত ৰাজহুৱা ভাবে বিপুল সম্বৰ্ধনা জনায়। যোৰাবাট অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতত যোৰাবাট আৰক্ষী চকীৰ যান বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া ছৈয়দ মুকুল ৰহমানে এই ৭ গৰাকী কীৰ্তি মনক সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে সমৰ্দ্ধিত শিক্ষাৰ্থী সকলক একোখনকৈ ফুলাম গামোচা, কলম,আৰু ফুলৰ থোপা প্ৰদান কৰা হয়। অনুষ্ঠানত আৰক্ষী বিষয়া গৰাকীয়ে এই কীৰ্তিমান সকলৰ উজ্জল ভৱিষ্যত কামনা কৰাৰ লগতে অগ্ৰজ সকলৰ অনুপ্ৰেৰণা হ’ব বুলি মত পোষণ কৰাৰ লগতে সমাজ সংস্কাৰৰ দিশটো ব্ৰতী হ’ব লাগিব আৰু ভৱিষ্যতে আৰু অধিক ভাল ফলাফল দেখুৱাই দেশ আৰু জাতিৰ হকে কাম কৰি যাব লাগিব বুলিও মন্তব্য কৰে। এনে পদক্ষেপক সচেতন তথা স্থানীয় ৰাইজে আদৰণি জনাইছে।

শৰীৰ সুস্থ আৰু সবল ৰখাৰ বাবে ব্যয়াম অপৰিহাৰ্য। এই ব্যয়ামৰ অন্যতম সমসাময়িক নৃত্য ঝুম্বা আনুষ্ঠানিক ভাবে RHYTHMIX ষ্টুডিঅ’ মুকলি হয়। প্ৰশিক্ষক অজয় ৰয়ৰ নিৰ্দেশত পৰিচালিত ঝুম্বা নৃত্যত বহুকেইগৰাকীয়ে অংশগ্ৰহণ কৰিছে। জানিব পৰা মতে এই নৃত্যই শৰীৰ সবল কৰি ৰখাৰ ওপৰিও মন আনন্দ কৰি ৰখাটো ইন্ধন যোগায়। এই সম্পৰ্কত ষ্টুডিঅ’ৰ গৰাকী বিনীতা দাসে কয় যে উত্তৰ পূৰ্বত প্ৰথম বাৰৰ বাবে এই নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে অংশগ্ৰহণকাৰী সকলে আশাপদ ফল লাভ কৰিব।

Comments (0)
Add Comment